গুৱাহাটী, 23 ছেপ্তেম্বৰ : মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পাৰ্শ্বক্ৰিয়া দেখা গৈছে অসমৰ ৰাজনীতিতো ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মধ্যপ্ৰদেশত ঘৃণাসূচক মন্তব্য কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছে ইখনৰ পিছত সিখন এজাহাৰ ৷ গুৱাহাটীৰ দিশপুৰ থানাত এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ।
![Mohila crongress filed FIR against the CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2023/assamwomencongressfiragainstcmhbs_23092023133222_2309f_1695456142_966.jpg)
উল্লেখ্য যে, যোৱা 20 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাসূচক মন্তব্যৰে উচতোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । হিমন্ত বিশ্ব শৰ্মাই 18 ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ বৈশালী নগৰত নিৰ্বাচনী কাৰ্যসূচীত ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি কমল নাথ যদি হনুমান ভক্ত হয় তেন্তে তেওঁ লংকাৰূপী 10 জনপথ জ্বলাই দিব লাগে বুলি মন্তব্য কৰিছিল ৷ উল্লেখ্য যে 10 জনপথ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ চৰকাৰী আৱাসস্থান ৷ তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ ৷
![Mohila crongress filed FIR against the CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2023/assamwomencongressfiragainstcmhbs_23092023133222_2309f_1695456142_293.jpg)
শনিবাৰে দুপৰীয়া দিশপুৰ আৰক্ষী থানাত অসম মহিলা কংগ্ৰেছৰ এটা দলৰ সৈতে উপস্থিত হৈ মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰখনত অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18 ছেপ্টেম্বৰৰ দিনা মধ্যপ্ৰদেশৰ বিদিশা চহৰত অনুষ্ঠিত এখন সভা আৰু জন আশীৰ্বাদ ৰেলীৰ সময়ত ঘৃণনীয় সাম্প্ৰদায়িক ভাষণ আগবঢ়াইছিল ।
![Mohila crongress filed FIR against the CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2023/assamwomencongressfiragainstcmhbs_23092023133222_2309f_1695456142_274.jpg)
অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে এজাহাৰখনত লগতে উল্লেখ কৰে যে সেই দিনা ভাষণত হিমন্ত বিশ্ব শৰ্মাই ঠাট্টা-মস্কৰাৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম নেতা কমল নাথক লংকা ভগৱান হনুমানে জ্বলাই দিয়াৰ দৰে 10 জনপথ জ্বলাই দিয়াৰ বাবে আমন্ত্ৰণ জনায় ।
উল্লেখযোগ্য যে এজাহাৰখনত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে উল্লেখ কৰিছে "10 জনপথত সংসদ সদস্য তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহ । গান্ধী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী । সেই হিচাপে 10 জনপথ জ্বলাই দিয়াৰ আহ্বান জনসাধাৰণক হিন্দু ধৰ্মীয় আৱেগ ব্যৱহাৰ কৰি অগ্নিসংযোগ আৰু সংঘৰ্ষত লিপ্ত হ’বলৈ কৰা মুকলি আমন্ত্ৰণ ।”
এজাহাৰখনত মহিলা কংগ্ৰেছে উল্লেখ কৰে যে ভাষণৰ দ্বাৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই সাম্প্ৰদায়িক ঘৃণাৰ অনুভূতিৰ আহ্বান জনোৱাৰ লগতে আৰু উচটনি দিয়াৰ অভিযোগ কৰিছে যিয়ে ভাৰতীয় দণ্ডবিধিৰ 153(A), 153 (B), 115, 436 আৰু 505 ধাৰাৰ ভিতৰত পৰে ।
ইয়াৰ উপৰিও অসম মহিলা কংগ্ৰেছৰ এজাহাৰখনত উল্লেখ কৰা হৈছে “ এই বক্তব্যসমূহ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছিল যদিও এই বাৰ্তা সমগ্ৰ ভাৰতবৰ্ষত আৰু অসমকে ধৰি ছপা, ইলেক্ট্ৰনিক আৰু ছ’চিয়েল মিডিয়াৰ যোগে অন্যান্য ঠাইত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । সেই হিচাপে সাম্প্ৰদায়িক ঘৃণা আৰু হিংসাত্মক কাৰ্যকলাপৰ প্ৰৰোচনাৰ প্ৰভাৱে ৰাজ্যবাসীৰ আৱেগক নিশ্চিতভাৱে প্ৰভাৱিত কৰিব আৰু ফলস্বৰূপে ধৰ্মৰ নামত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰিব । গতিকে এজাহাৰ পঞ্জীয়ন কৰি আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ।”
মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বতাহে এতিয়া এইদৰেই কোবাই গৈছে অসমকো । অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ এনে একাধিক এজাহাৰ দাখিলে নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষণীয় বিষয় ৷
লগতে পঢ়ক : Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে