ETV Bharat / state

ধাৰাপুৰত খাদ্য বিতৰণ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

মঙলবাৰে মহানগৰীৰ ধাৰাপুৰত হ’ম কোৱাৰেইণ্টাইনত থকা লোক সকলৰ পৰিস্থিতিৰ বুজ লয় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

ধাৰাপুৰত খাদ্য বিতৰণ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
ধাৰাপুৰত খাদ্য বিতৰণ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
author img

By

Published : Jul 29, 2020, 4:27 AM IST

গুৱাহাটী, 29 জুলাই: ক্ৰমান্বয়ে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ধাৰাপুৰত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা । ধাৰাপুৰ অঞ্চলত প্ৰায় 30 জনতকৈ অধিক লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷

স্বাস্থ্য বিভাগে ক'ভিড আক্ৰান্ত লোক সকলৰ বাসগৃহ সমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাত আক্ৰান্ত লোকৰ পৰিয়ালসমূহ আৱদ্ধ হৈ আছে ৷ সেয়েহে এই সকল লোকৰ বুজ লোৱাৰ বাবে ধাৰাপুৰত মঙলবাৰে উপস্থিত হয় স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ।

ধাৰাপুৰত খাদ্য বিতৰণ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

যিহেতু বিভিন্ন সময়ত কোৱাৰেইণ্টাইনত থকা লোক সকলক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে । সেয়ে বিধায়কগৰাকীয়ে এই সকল ক'ভিড আক্ৰান্ত লোকৰ পৰিয়ালৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে ধাৰাপুৰবাসীয়ে ।

লগতে চাওক-বঙাইগাঁৱত কোভিড-19 আক্ৰান্তই জন্ম দিলে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.