ETV Bharat / state

বিধানসভাত মহাজোঁটৰ সংখ্যালঘু শক্তি ৬২ শতাংশ

শেহতীয়া বিধানসভা নিৰ্বাচনত মহাজোঁটে লাভ কৰা ৫০খন আসনৰ ভিতৰত ৬২ শতাংশ আসনতেই অধিস্থিত হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক ৷ সম্প্ৰতি সামাজিক মাধ্যমৰ উপৰি বিভিন্ন ক্ষেত্রত বহুলভাৱে চৰ্চালৈ আহিছে এই বিষয় ৷

author img

By

Published : May 8, 2021, 10:51 PM IST

mla_of_ mahajut_are_minority
বিধানসভাত মহাজোঁটৰ সংখ্যালঘু শক্তি ৬২ শতাংশ

গুৱাহাটী, ৮ মে' : বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে বিভিন্ন প্ৰসংগৰ লগতে আন এটা প্ৰসংগ বাৰুকৈ চৰ্চিত হৈছে । সেই প্ৰসংগটোৰ উত্থাপন হৈছে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ জনপ্ৰতিনিধি সকলকলৈ ৷ ১০১ খন আসন লাভ কৰিব বুলি প্ৰৱল আত্মবিশ্বাসী হৈ থকা কংগ্ৰেছ মহাজোঁটে লাভ কৰিলে মাত্ৰ ৫০খন আসন । ইয়াৰে কংগ্ৰেছে ২৯খন, এ আই ইউ ডি এফ দলে ১৬খন, বি পি এফ দলে ৪খন আৰু চি পি আই এম দলে এখন আসন লাভ কৰিলে । মহাজোঁটৰ এই ৫০খন আসনৰ ভিতৰত ৩১খন আসনেই দখল কৰিলে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে । অৰ্থাৎ, এইবাৰ বিধানসভাত মহাজোঁটৰ সংখ্যালঘু শক্তি হ'ব ৬২ শতাংশ । উল্লেখ্য যে, ধৰ্মনিৰপেক্ষতাৰ কথা কোৱা কংগ্ৰেছে নিজেই ২৯খন আসনৰ ভিতৰত ১৬ খন আসন ইয়াৰ অৰ্থ এইটোৱেই যে, কংগ্ৰেছৰ নিজৰ সংখ্যালঘু শক্তি ৫৫ শতাংশ ।

ইফালে, এ আই ইউ ডি এফৰ অস্তিত্ব বৰ্তি আছে সংখ্যালঘু ভোটাৰ ৰাইজৰ ওপৰত । বিশেষভাৱে উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতৃত্বৰ এটাই উত্তৰ আছিল যে মহাজোঁটৰ মুখ্যমন্ত্রীগৰাকী খিলঞ্জীয়া ভূমিপুত্র হ'ব । কিন্তু, খিলঞ্জীয়াৰ কথা কোৱা কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্রৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহ'ল । এই বিষয়টো সামাজিক মাধ্যমৰ উপৰি বিভিন্ন ক্ষেত্রত বিশেষভাৱে চৰ্চালৈ আহিছে ।

এক কথাত কবলৈ গ'লে বিধানসভাত সংখ্যালঘুৰ শক্তিটোৱে বিৰোধীৰ ভূমিকা পালন কৰিব । মহাজোঁটৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলৰ ভিতৰত কংগ্ৰেছৰ বিধায়ক সকল হৈছে, কৰিমগঞ্জ(দক্ষিণ)- ছিদ্দিক আহমেদ, বৰখলা- মিছবাহুল ইছলাম লস্কৰ, কাটিগড়া- খলিলুদ্দিন বৰভূঞা, দক্ষিণ শালামাৰা- ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জ- আব্দুছ সোবাহান আলী সৰকাৰ, অভয়াপুৰী(উত্তৰ)- আব্দুল বাতেন খণ্ডকাৰ,গোৱালপাৰা(পূব)আবুল কালাম ৰশিদ আলম, গোৱালপাৰা(পশ্চিম)- আব্দুৰ ৰশিদ মণ্ডল, জলেশ্বৰ- আফতাবুদ্দিন মোল্লা, বৰপেটা- আব্দুৰ ৰহিম আহমেদ, বাঘবৰ- শ্বেৰমান আলী, সৰুক্ষেত্ৰী- জাকিৰ হুছেইন সিকদাৰ, ছয়গাঁও- ৰেকিবুদ্দিন আহমেদ, লাহৰিঘাট- আছিফ মহম্মদ নাজাৰ, ৰূপহীহাট- নুৰুল হুদা আৰু চামগুৰি- ৰকিবুল হুছেইন ।

আনহাতে, এ আই ইউ ডি এফৰ বিধায়ক সকল হৈছে বদৰপুৰ- আব্দুল আজিজ, হাইলাকান্দি- জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰা- সুজামুদ্দিন লস্কৰ, আলগাপুৰ- নিজামুদ্দিন চৌধুৰী, সোণাই-কৰিম উদ্দিন বৰভূঞা, মানকাচৰ- আমিনুল ইছলাম, ধুবুৰী- নজৰুল হক, গৌৰীপুৰ- মিজানুৰ ৰহমান, বিলাসীপাৰা (পশ্চিম)- হাফিজ বছিৰ কাছিমী, বিলাসীপাৰা(পূব)- ছামছুল হুদা, জনীয়া- হাফিজ ৰফিকুল ইছলাম, চেঙা- আশ্ৰাফুল হুছেইন, দলগাঁও- মজিবুৰ ৰহমান, ধিং- আমিনুল ইছলাম আৰু যমুনামুখ- ছিৰাজুদ্দিন আজমল । এতিয়া, স্বৰাজোত্তৰ কালত সৰ্বাধিক কাল শাসনত থকা কংগ্ৰেছ দল আৰু দলটোৰ নেতৃত্বাধীন মহাজোঁটৰ স্থিতি অনাগত সময়ত কি হয়, সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: দিনজোৰা বৈঠকতো নোলাল সমিধান : ওলমি ৰৈছে মুখ্যমন্ত্ৰীৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.