গুৱাহাটী, ২২ মে’: বটদ্ৰৱা থানাত অগ্নি সংযোগৰ ঘটনাক লৈ বিধায়ক দিগন্ত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Diganta Kalita on Batadrava violence)। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, যিসকল লোকে এই কাম কৰিছে তেওঁলোক বাংলাদেশী । তাত কেনেকুৱা মানুহ থাকে, সকলোৱে জানে । আইনগতভাৱে এইসকল লোকক ফাঁচী দিব লাগে ।
তেওঁলোক ইছলামিক সন্ত্ৰাসবাদী বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়কজনে । লগতে বিধায়কগৰাকীয়ে কয় যে অসমত কোনো কাৰণত কাৰো দাদাগিৰী নচলিব । এনে কাম কৰাৰ পৰা সকলোকে বিৰত থাকিবলৈ তেও আহ্বান জনায় । লগতে তেওঁ কয় আইন হাতত তুলি ল’ব নালাগিছিল ।
বাংলাদেশীৰ বিৰুদ্ধে মাত মাতি যাম বুলিও মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita) । বিজেপিয়ে এনে ধৰণৰ ঘটনাত(Batadrava police station incident) মাত মাতি যাব চৰকাৰত নাথাকিলেও । আনহাতে বিধায়কগৰাকীয়ে বিৰোধীক সমালোচনা কৰি কয়, আজি বিৰোধীয়ে কিয় মাত মতা নাই ? কংগ্ৰেছে ভোটৰ ৰাজনীতি কৰে বাবে এনেবোৰ বিষয়ত মাত নামাতে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক: Assam Police Station Attack: বটদ্ৰৱা থানা আক্ৰমণত জড়িত আছিল কুখ্যাত অপৰাধী