ETV Bharat / state

Assam Budget 2023: অসম বাজেট 2023 সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিলে ২০২৩-২৪ বৰ্ষৰ অসম বাজেট ৷ কিন্তু এই বাজেটখনক সম্পূৰ্ণ নিৰ্বাচনমুখী আৰু নতুনত্বহীন আখ্যা দিছে বিৰোধীয়ে ৷ এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া (Assam Budget 2023) ৷

Assam Budget 2023
বাজেট সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 16, 2023, 9:34 PM IST

বাজেট সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৬ মাৰ্চ: বিত্তমন্ত্রী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰিলে ৰাজ্য চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । ৰাজ্য চৰকাৰৰ এই বাজেটক নিৰ্বাচনকেন্দ্ৰিক আখ্যা দিছে বিধায়ক অখিল গগৈয়ে । বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, বাজেটখন সম্পূৰ্ণৰূপে গতানুগতিক । ইয়াত নতুন কথা একো নাই । অসমক বচাবৰ বাবে, অসমৰ আন্তঃগাঠনি নিৰ্মাণ কৰাৰ বাবে, মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে, বানপানী সমস্যা সমাধানৰ বাবে বাজেটত কোনো ব্যৱস্থা নাই । সম্পূৰ্ণ গতানুগতিক বাজেট (Assam Budget 2023)।

বিধায়ক গগৈয়ে কয়, ‘‘কেৱল পঞ্চায়ত নিৰ্বাচনৰ বাবে কেইটামান টোপ দিয়া হৈছে । গাঁওবোৰক কিছু পইচা দিয়াৰ ব্যৱস্থা কৰিছে । মহিলাসকলক কিছু পইচা দিয়াৰ কথা কৈছে । বিশেষ ধৰণৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে বাজেটত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এই বাজেটখন সম্পূৰ্ণ নিৰ্বাচনকেন্দ্ৰিক বাজেট ।’’ (Opposition unhappy with Assam Budget)

নিৰ্বাচনৰ বাবে বিজেপিৰ কৰ্মকৰ্তাক হয়তো পইচা দিবৰ বাবে বাজেটত এক লাখ নিবনুৱাক দুই লাখকৈ টকা দিয়াৰ আঁচনি লৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে, নিৰ্বাচনৰ বাবে হিতাধিকাৰী সৃষ্টি কৰাৰ বাহিৰে বাজেটখনত একো নাই । বাজেটত ৰাজ্যৰ মূল সমস্যাসমূহ সমাধান কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

লগতে পঢ়ক: Assam CM budget reaction: বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকা আৱণ্টন

বিধায়ক অখিল গগৈয়ে পুনৰ অভিযোগ কৰি কয় যে, বিত্তমন্ত্রীয়ে বিধানসভাত বাজেট ভাষণ দি থকা সময়ত বাজেটৰ কপি বিধায়কসকলে পোৱা নাছিল। আনকি বাজেটৰ হাইলাইট, বিত্তীয় ষ্টেটমেণ্ট আদিৰ কপিও দিয়া হোৱা নাই । অৰ্থাৎ অতি খৰধৰকৈ পৰিকল্পনা অবিহনে এই কাম কৰিছে বুলি তেওঁ চৰকাৰক সমালোচনা কৰে (MLA Akhil Gogoi reacts to Assam Budget)।

আজিৰ এই বাজেটত মুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকা একত্ৰিকৃত নিধিত প্ৰাপ্তি দেখুওৱা হৈছে ৷ ইয়াৰে মুঠ পুঁজিৰ ১,১৪,০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী ২৫,৩৫৯.১৯ কোটি টকা মূলধনী শিতানৰ বুলি বাজেট ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে (Ajanta Neog presented Assam Budget) ৷

বাজেটত সন্নিবিষ্ট কৰা বিভিন্ন উৎসৰ পৰা অহা আনুমানিক প্ৰাপ্তিৰ তালিকা অনুসৰি ৰাজ্যিক কৰৰ পৰা ৩০,০০১.৬৬ কোটি টকা, কৰহীন ৰাজহ ৭০১০.৮৪ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ৰাজহৰ পৰিমাণ ৩১,৯৫০.৮৯ কোটি টকা প্ৰাপ্তি হ’ব ৷ কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবত ৩১,১৩০.৪৮ কোটি টকাৰ লগতে বিত্তীয় আয়োগৰ অনুদান ৰূপে ১০,১৮৬.৩৯ কোটি টকা দেখুওৱা হৈছে বাজেটত (Assam assembly budget session)।

লগতে পঢ়ক: At a glance Assam budget: বাজেটত অৰুণোদয়ৰ ধন ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি

বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত প্ৰকাশ কৰা অনুসৰি লেনদেনৰ বাবত ৰাহি হ'ব আনুমানিক ৬৬০.৯ কোটি টকা । বছৰটোৰ আৰম্ভণিতে ঘাটি হৈ থকা ১৫৯৬.১৯ কোটি টকাৰ হিচাপ মিলালে ২০২৩-২৪ বৰ্ষৰ বাজেটৰ ঘাটিৰ পৰিমাণ ৯৩৫.২৩ কোটি টকা হ’বগৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.