ETV Bharat / state

NCERT new text book: বিজেপি চৰকাৰে ইতিহাস নতুনকৈ লিখিব খুজিছে; অখিল গগৈ

author img

By

Published : Apr 4, 2023, 4:49 PM IST

এন চি ই আৰ টিয়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ সকলো অধ্যায় আঁতৰোৱাৰ পিচতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (MLA Akhil Gogoi)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ।

Akhil Gogoi react on NCERT new text book
ইতিহাস সন্দৰ্ভত বিধায়ক অখিল গগৈৰ মন্তব্য়

গুৱাহাটী, ৪ এপ্ৰিল: NCERT ৰ পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ‍াই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi react on NCERT new text book)। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰৰ দিনটোত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয় যে, বিজেপি চৰকাৰে ইতিহাস নতুনকৈ লিখিব খুজিছে । বিধানসভা চৌহদত বিধায়ক গগৈয়ে পুনৰ কয় যে, বিজেপি চৰকাৰে অসমৰ মানুহক নতুনকৈ ইতিহাস পঢ়াব খুজিছে (Budget Session of Assam Legislative Assembly)।

অসমৰ ইতিহাসক বিজেপি চৰকাৰে ঢাকি পেলাব খুজিছে বুলি সদৰী কৰি বিধায়ক অখিল গগৈয়ে কয় যে, ভাৰতবৰ্ষত পৰ্যায়ক্ৰমে পাঠ্যপুথিৰ পৰা ইতিহাস সমূহক নাইকীয়া কৰি দিব বিচৰা হৈছে (Akhil Gogoi reacts on changing of history) । তেওঁ লগতে কয় যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী পাঠ্যক্ৰম কৰিব বিচৰা হৈছে আৰু এইক্ষেত্রত তেওঁৰ সমষ্টিৰ দুখন বিদ্যালয়ৰ বাবে অনুমতি বিচাৰি পত্র দিয়া হৈছে । শিৱসাগৰৰ দুখন বিদ্যালয়ক ইংৰাজী মাধ্যম কৰিব বিচৰা হৈছে । এনে কৰিবৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, এনে কৰিলে ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি পাব । প্ৰকৃততে বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ লগতে কয় যে, ইতিহাসক পুনৰ লিখন আৰম্ভ কৰাৰ দৰে মাধ্যম সলনি কৰি চৰকাৰে জাতিটোৰ বৃহৎ ক্ষতিসাধন কৰিব বিচাৰিছে । এই কাৰ্য বন্ধ কৰিব লাগিব বুলি তেওঁ কয় । উল্লেখ্য যে এন চি ই আৰ টিয়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ সকলো অধ্যায় আঁতৰাই দিছে (Removed the chapter of the Mughal Empire)। একেদৰে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হৈছে ইছলামিক ভূমি সভ্যতাৰ সংঘাত বিষয়ক কথাবোৰ ।

সেইদৰে দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও বাদ দিয়া হৈছে গণতন্ত্ৰৰ বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ক অধ্যায়বোৰ । ইপিনে, দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ "থীমছ অৱ ইণ্ডিয়ান হিষ্ট'ৰী"ৰ দ্বিতীয় খণ্ডৰ পৰা মোগল সাম্ৰাজ্যৰ ইতিহাস, বিশ্ব ৰাজনীতিত মাৰ্কিন আধিপত্য, শীতল যুদ্ধৰ যুগ পাঠবোৰ আঁতৰাই দিয়া হৈছে (Themes of Indian History)। যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক :Rongali Bihu 2023: ম'হৰ শিঙৰ পেঁপা প্ৰস্তুতত ব্যস্ত মৰাণৰ লোকশিল্পী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.