ETV Bharat / state

বিধানসভাৰ বিশেষ অধিবেশনত বিশেষ ৰূপত বিধায়ক অখিল গগৈ

author img

By

Published : Aug 17, 2022, 7:53 PM IST

Updated : Aug 17, 2022, 9:23 PM IST

মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ বিধানসভা চৌহদত বিশেষ ৰূপত প্ৰতিবাদ কৰিলে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi protest against price hike) । 'জি এছ টিৰ বোজা' শীৰ্ষক কাৰ্টুনৰ এখন প্লে'-কাৰ্ড লৈ বিধায়ক অখিল গগৈয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Akhil Gogoi protest
Akhil Gogoi protest

গুৱাহাটী, ১৭ আগষ্ট : মূল্যবৃদ্ধিৰ প্ৰসংগত পুনৰ সৰৱ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi raise voice against price hike) । স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি আজি এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিধানসভাৰ বিশেষ অধিবেশনত (Assam Assembly special session) বিশেষ ৰূপত দেখা গ'ল অখিল গগৈক ।

বিধানসভাৰ বিশেষ অধিবেশনতো বিধায়ক অখিল গগৈ প্ৰতিবাদৰ পৰা বিৰত নাথাকিল । মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ বিধানসভা চৌহদত বিশেষ ৰূপত প্ৰতিবাদ কৰিলে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi protested in Assembly premises) । 'জি এছ টিৰ বোজা' (burden of GST) শীৰ্ষক কাৰ্টুনৰ এখন প্লে'-কাৰ্ড লৈ বিধায়ক অখিল গগৈয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অখিল গগৈৰ

প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে সাধাৰণ জনতাৰ মূল্যবৃদ্ধিত কঁকাল ভাঙি গৈছে । আনহাতে, চৰকাৰে এই ভয়াৱহ মূল্যবৃদ্ধি (massive price hike) ৰোধ নকৰি ভূতৰ ওপৰত দানহ পৰা দি জি এছ টিৰ নামত অত্যধিক কৰৰ বোজা জাপি দিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক কৰ বৃদ্ধিৰ বাবে আজি জনতাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এই ভয়াৱহ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায় । উল্লেখ্য যে প্লে'-কাৰ্ডখনৰ যোগেদি বিধায়ক অখিল গগৈয়ে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এছ টিৰ সবিশেষ দাঙি ধৰে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

Last Updated : Aug 17, 2022, 9:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.