ETV Bharat / state

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী - মিচিং স্বায়ত্ত পৰিষদ

আলি-আয়ে-লৃগাং উপলক্ষে ভূমিপুত্র মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যিক ভিত্তিত বন্ধ দিয়াৰ দাবী । কেবিনেটে মিচিং স্বায়ত্ত পৰিষদৰ অন্তর্গত দহখন জিলাত চৰকাৰী বন্ধ দিয়াৰ ঘোষণাৰ পিচতেই প্ৰতিক্ৰিয়া ।

Ali Aye Lhrigang of Mising people
মিচিং জনগোষ্ঠীৰ জাতীয় উৎসব আলি আয়ে লৃগাং
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:07 PM IST

মিচিং জনগোষ্ঠীৰ জাতীয় উৎসব আলি আয়ে লৃগাং

গুৱাহাটী, ১৭ নৱেম্বৰ: মিচিং জনগোষ্ঠীৰ জাতীয় উৎসব আলি-আয়ে-লৃগাং উপলক্ষে ভূমিপুত্র মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যিক ভিত্তিত বন্ধ দিয়াৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে । ইয়াৰ মাজতেই বৃহস্পতিবাৰে অসম কেবিনেটে মিচিং স্বায়ত্ত পৰিষদৰ অন্তর্গত দহখন জিলাত চৰকাৰী বন্ধ দিয়া হ'ব বুলি ঘোষণা কৰাৰ লগে লগে পুনৰ জাঙুৰ খাই উঠিছে মিচিং জনগোষ্ঠীৰ ৰাইজ । ইতিমধ্য়ে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ।

মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ গুৱাহাটীৰ প্রতিনিধি আকাশ দলেই এই প্ৰসংগত কয় যে ভূমিপুত্র মিচিং জনগোষ্ঠীৰ ৰাইজে জাতীয় উৎসব আলি-আয়ে-লৃগাঙৰ দিনা অর্থাৎ ফাগুণ মাহৰ প্রথম বুধবাৰে ৰাজ্যিক বন্ধ দিয়াৰ দাবীত প্রতিবাদ কৰি থকাৰ পাছতো কেবিনেটে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত দহখন জিলা ক্রমে ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিবসাগৰ, ডিব্রুগড় আৰু তিনিচুকীয়াত চৰকাৰী বন্ধ ঘোষণা কৰাতো অত্যন্ত দুর্ভাগ্যজনক । শেহতীয়াকৈ মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আয়ে লৃগাঙৰ ৰাজ্যিক বন্ধ দিব লাগে বুলি পুনৰ প্রতিবাদমুখৰ মাজতেই মিচিং জনগোষ্ঠীক প্রতিনিধিত্ব কৰা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ ক্ষেত্রত অসম চৰকাৰৰ কেবিনেটে এটা শুভ সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল ।

তেওঁ কয় যে যোৱা ১৬ নবেম্বৰত অসম কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি আয়ে লৃগাঙক লৈ এটা ভাল খবৰ আহিব বুলি মিচিং জনগোষ্ঠীৰ বাইজে আশা কৰি আছিল যদিও সেই আশাত চেঁচাপানী ঢালিলে অসম কেবিনেটৰ সিদ্ধান্তই । কেবিনেটৰ এই সিদ্ধান্তই প্রমাণ কৰে যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন খিলঞ্জীয়া বিৰোধী । ভূমিপুত্র মিচিংসকলৰ ৰীতি-নীতি,পৰম্পৰা, কৃষ্টি-সংস্কৃতি প্রচাৰ-প্ৰসাৰ হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে । মিচিংসকলৰ কৃষ্টি-সংস্কৃতি মিচিং অধ্যুষিক অঞ্চলতে সীমাবদ্ধ হৈ থকাটোহে কামনা কৰে মুখ্যমন্ত্রী আৰু মন্ত্রী ৰণোজ পেগুৱে ।

তেওঁ কয় যে আজি অসম চৰকাৰে গ্রহণ কৰা সেই সিদ্ধান্তই মিচিং জাতিক বহু পিছুৱাই নিবলৈ যত্ন কৰা হৈছে । কিন্তু আমি মিচিং জনগোষ্ঠীৰ ৰাইজে এনে মিচিং বিৰোধী স্থিতি কেতিয়াও মানি নলও । যিটো সময়ত আজি চৰকাৰে ষট পূজা, ভাতৃ দ্বিতীয়া আদি উৎসৱত চৰকাৰী ৰাজ্যিক বন্ধ ঘোষণা কৰিছে সেই একেটা সময়তে অসমৰ ভূমিপুত্র দ্বিতীয় জনসংখ্যাৰ জনজাতি মিচিংসকলক প্রতাৰণা কৰিছে জাতীয় উৎসব আলি-আয়ে-লৃগাঙৰ ৰাজ্যিক বন্ধ ঘোষণা নকৰি । আমি কেবল মিচিং জনগোষ্ঠীৰ লোকসকলৰ বাবে এই বন্ধ বিচৰা নাই । সমগ্র অসমবাসী ৰাইজে ভূমিপুত্র মিচিং জনগোষ্ঠীৰ পৰম্পৰা, ৰীতি- নীতি, আচাৰ-ব্যবহাৰ, কৃষ্টি-সংস্কৃতি প্রচাৰ-প্রসাৰত অংশীদাৰ হোৱাৰ সুযোগৰ বাবে এক বহল দৃষ্টিভংগীৰে ৰাজ্যিক বন্ধৰ দাবী কৰিছে ।

লগতে পঢ়ক:ৰাস্তা বনাই নিদিলে ভোট নিদিয়াৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.