ETV Bharat / state

Crime in Guwahati:নুনমাটিত দুৰ্বৃত্তই জ্বলাই দিলে চাৰিচকীয়া বাহন

author img

By

Published : Jul 29, 2023, 3:54 PM IST

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে সফল হোৱা বুলি দাবী কৰিলেও দিনক দিনে বৃদ্ধি পাব ধৰিছে নানা ধৰণৰ অপৰাধ জনিত ঘটনা । চুৰি, নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহ তথা হত্যাৰ দৰে ঘটনাই নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।

Crime in Guwahati
গুৱাহাটী মহানগৰীত অপৰাধীৰ টিঘিলঘিলনি
গুৱাহাটী মহানগৰীত অপৰাধীৰ টিঘিলঘিলনি

গুৱাহাটী, ২৯ জুলাই:আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই অভিজাত গুৱাহাটী মহানগৰীত অপৰাধীয়ে এটাৰ পিচত আন এটা অপৰাধজনিত ঘটনা সংঘটিত কৰিয়েই আছে । গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ সন্মুখতেই সংঘটিত ঘটনাই শংকিত কৰিছে মহানগৰবাসীক । ইয়াৰ মাজতেই মহানগৰীত নিশা দুৰ্বৃত্তই জ্বলালে এখন বাহন ।

কেইদিনমান পূর্বে হেঙেৰাবাৰীত দুৰ্বৃত্তই পথৰ দাঁতিত ৰখাই থোৱা চাৰিখন বাইক জ্বলাই দিয়া ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে নুনমাটি অঞ্চলত । শুক্ৰবাৰে পুৱতি নিশা মঠঘৰীয়া হৰিপুৰৰ ৰাজপথত ৰখাই থোৱা এখন টাটা ছুম' বাহন দুৰ্বৃত্তই জ্বলাই দিয়ে । AS 01 F 9819 নম্বৰৰ টাটা ছুম' বাহনখনৰ গৰাকী চাজিব আহমেদে নিশা প্ৰায় ২ বজাত ৰাজপথত পাৰ্কিং কৰি ঘৰলৈ যায় । তেনে সময়তে বাহনখনৰ গৰাকীৰ অনুপস্থিতিৰ সুযোগ লৈ মটৰ চাইকেলত অহা দুৰ্বৃত্তই বাহনখনত অগ্নিসংযোগ কৰে ।

ইয়াপ পিচতেই বাহনখন জ্বলি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোক কেইজনমানে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে । ঘটনাটো সংঘটিত হোৱাৰ পিচত ৰাইজে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰে । পৰবৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰে । এই ঘটনা সন্দৰ্ভত গাড়ীখনৰ গৰাকীয়ে নুনমাটি আৰক্ষী থানাত অৱগত কৰাত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ।

স্থানীয় একাংশ লোকে উল্লেখ কৰা মতে, মঠঘৰীয়া হৰিপুৰৰ ৰাজপথত সাধাৰণতে নিশাৰ ভাগত আৰক্ষীৰ কোনো টহল নাথাকে । তাৰে সুযোগ লৈ উক্ত অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । তদুপৰি ড্ৰাগছ আসক্ত লোকে নিশাৰ ভাগত টহল দি পৰিবেশ বিনষ্ট কৰি আহিছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে । ড্ৰাগছ আসক্ত কোনো লোকেই পথৰ দাঁতিত ৰখাই থোৱা বাহনখন জ্বলাই দিয়া বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ সঘনাই হৈ থকা এনে পৰিস্থিতিৰ ফলত নিৰাপত্তাহীনতাত ভোগা মহানগৰীৰ বাসিন্দাসকলে ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Poor road communication in Moran: মৰাণ সমষ্টিত বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.