ETV Bharat / state

Nandita Gorlosa ministry changed: হঠাৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ দপ্তৰ সলনিৰ সিদ্ধান্ত কিয় মুখ্যমন্ত্ৰীৰ ?

author img

By

Published : May 31, 2023, 9:26 PM IST

হঠাৎ গুৰুত্ব বাঢ়িছে ৰাজ্যৰ খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ ৷ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পৰা কিয় বিভাগ কৰ্তন কৰিলে মুখ্যমন্ত্ৰীয়ে ? খনিজাত দ্ৰব্য আৰু খনি বিভাগক ৫,১১৭ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিত্ত বিভাগে জৰুৰী পত্ৰ (Changes in Assam ministry) ৷

Hbs minor ministry changes why
Changes in Assam ministry

গুৱাহাটী, ৩১ মে’: ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ সময়তে ব্যাপক চৰ্চা চলিছিল যে, মন্ত্ৰীসভাৰ সাল-সলনি হ’ব শৰ্মা কেবিনেটৰ । সকলো জল্পনা-কল্পনাৰ তল পেলাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সোনকালে নহয় মন্ত্ৰীসভাৰ ৰদ-বদল ৷ কিন্তু শেহতীয়াকৈ আকস্মিকভাৱে মন্ত্ৰীসভাৰ সামান্য ৰদ-বদলৰ বাবে ৰাজ্যপাললৈ প্ৰস্তাৱ প্ৰেৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰীসভাৰ দুই মন্ত্ৰীৰ দপ্তৰৰ সামান্য সাল-সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু সলনি নকৰো বুলিও হঠাৎ কিয় মন্ত্ৰী সভাত এই পৰিৱৰ্তন ঘটালে মুখ্যমন্ত্ৰীয়ে ? এই লৈ ৰাজ্যৰ ৰাজনৈতিক চৰ্চা অব্যাহত আছে (Assam cabinet changes) ৷

বাহ্যিক দৃষ্টিত এই পৰিৱৰ্তন সামান্য আৰু ৰুটিন সুলভ যদিও খনি আৰু খনিজাত দ্ৰব্য বিভাগটোৰ আকস্মিক গুৰুত্ব বৃদ্ধি পাইছে ৰাজনৈতিক আৰু বিত্তীয় দিশৰ পৰা ৷ পূৰ্বৰ চৰকাৰসমূহৰ দিনত বিশেষ গুৰুত্ব লাভ কৰা নাছিল এই বিভাগটোৱে ৷ এতিয়া চৰকাৰৰ বাবে হঠাৎ গুৰুত্বপূৰ্ণ হৈ পৰিল কিয় (Changes in Assam ministry)?

ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিত্তীয় নাটনিৰ জোৰা মাৰিবৰ বাবে ৬ টা বিভাগক চলিত বিত্তীয় বৰ্ষত ৩৬, ১৩৭ কোটি টকা ৰাজহ সংগ্ৰহৰ নিৰ্দেশনা দিছে ৷ এই ৬ টা বিভাগৰ ভিতৰত খনি আৰু খনিজাত দ্ৰব্য বিভাগটোও আছে ৷ খনিজাত দ্ৰব্য আৰু খনি বিভাগক ৫, ১১৭ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিত্ত বিভাগে জৰুৰী পত্ৰ দিছে (Assam govt order for tax collection) ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: এছচিইআৰটিৰ কেলেংকাৰী জড়িত 12 সাংবাদিক, আৰটিআই কৰ্মী কোন কোন ?

কিয়নো ৰাজ্যৰ বৰ্তমানৰ বিজেপি চৰকাৰে কয়লা আৰু বন বিভাগৰ হাতত থকা বালিৰ দৰে নিত্য উচ্চ চাহিদাপূৰ্ণ খনিজ সম্পদৰ অধিকাৰ এই বিভাগলৈ হস্তান্তৰ কৰিছে । সেই অনুসৰি ৰাজ্যৰ পাহাৰীয়া জিলা দুখনৰ উপৰিও আন আন স্থানত থকা কয়লা খনিও বৰ্তমান এই বিভাগৰ অধীনস্থ । সেয়ে বিভাগটোৰ হাতত এতিয়া ৰাজহ সংগ্ৰহৰ বাবে যথেষ্ট উৎস আছে আৰু ৰাজহৰ পৰিমাণ বৃদ্ধিৰো সম্ভাৱনা আছে (Nandita Gorlosa ministry changed) ৷

কিন্তু বিভাগীয় মন্ত্ৰী হিচাবে নন্দিতা গাৰ্লোচাই বিশেষ তলা-নলা এতিয়াও নিজৰ দখললৈ আনিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিচৰাৰ দৰে বিভাগটোৰ কাম-কাজ আৰু ৰাজহ সংগ্ৰহ আশানুৰূপ হৈ উঠা নাছিল ৷ অতি লেহেমীয়া গতিত চলিছিল মন্ত্ৰী গাৰ্লোচাৰ খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ কাম-কাজ ৷ এক কথাত মন্ত্ৰী গাৰ্লোচাই বিভাগটোৰ ৰাজহ আহৰণৰ প্ৰাথমিকতা গুৰুত্ব সহকাৰে অনুধাৱন কৰিব পৰা নাছিল বুলিলেও ভুল নহ’ব (Assam Govt latest news) ৷

সেয়ে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰা এই বিভাগটো আনি ৰাজহ বিভাগ চলাই থকা যোগেন মহনৰ হাতত অতিৰিক্ত বিভাগ ৰূপে সঁপি দিছে ৷ গাৰ্লোচাক তাৰ ঠাইত দিয়া হ’ল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ্লোচাৰ হাতৰ পৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগটোও নিজৰ হাতলৈ আনে শেহতীয়া এই সাল-সলনিত ৷

গুৰুত্বপূৰ্ণ কথা যে ভূ-তত্ত্ব আৰু খনি সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে প্ৰথম ছমাহৰ ভিতৰত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ২১৫৮.১৫ কোটি টকা ৷ বছৰবোৰ শেষৰফালে এই ৰাজহ সংগ্ৰহ কমি আহে ৷ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষৰ একেই সময়ছোৱাত সংগ্ৰহ কৰা ১,১৯৪.০৭ কোটি টকা । এতিয়া খনিজাত দ্ৰব্য আৰু খনি বিভাগক ৫,১১৭ কোটি টকাৰ নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য বিভাগটোৱে পূৰণ কৰিব পাৰিব নে নোৱাৰে সেয়া হ’ব লক্ষণীয় ৷ কিন্তু এসময়ত কাৰ্যালয়ত অলস সময় কটোৱা বিভাগটোৰ কৰ্মচাৰীৰ এতিয়া এৰাব নোৱাৰাকৈ বাঢ়িছে ব্যস্ততা ৷

লগতে পঢ়ক: ASTC employees fired: একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে; অনিৰ্দিষ্ট কাললৈ নচলিব বাছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.