ETV Bharat / state

Minister Pijush Hazarika : গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকৰ মাৰ-পিট চাবলৈ অপেক্ষাৰত পীযুষ হাজৰীকা - ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা

অসম প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাৰ ৷ প্ৰদেশ কংগ্ৰেছ কেন্সাৰত আক্ৰান্ত হৈছে বুলি উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷

Minister Pijush Hazarika Slams APCC
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা
author img

By

Published : Aug 21, 2023, 5:28 PM IST

প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, 21 আগষ্ট : "অসমত কেন্সাৰত আক্ৰান্ত হৈছে কংগ্ৰেছে দল ৷ কংগ্ৰেছে প্ৰথমে নিজৰ কেন্সাৰ নাইকীয়া কৰক ৷ তাৰ পিছত আনৰ কথাত মাত মাতিব ৷" সোমবাৰে এই মন্তব্যৰে কংগ্ৰেছক তুলা-ধুনা অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাৰ ৷ প্ৰদেশ কংগ্ৰেছ কেন্সাৰত আক্ৰান্ত হৈছে বুলি কংগ্ৰেছক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে বিশেষকৈ আক্ৰমণৰ লক্ষ্য কৰি ল’লে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷

শেহতীয়াকৈ তুংগত থকা বিজেপিৰ ন-পুৰণিৰ সংঘাত আৰু ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই উদঙাই দিয়া চাকৰিৰ নামত বিজেপিৰ একাংশ নেতা-কৰ্মীৰ দালালী প্ৰসংগত সৰৱ হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ ৷ তাৰেই প্ৰত্যুত্তৰ দিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ “বিজেপি দলত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে ৷ ক’ব লগা থাকিলে সকলোৱে ক’ব পাৰে ৷ মাৰ-পিট, চকী দলিওৱা-দলি আদিৰ ইয়াত স্থান নাই ৷ কংগ্ৰেছ নেতা সকললৈ মোৰ অনুৰোধ, প্ৰথমে নিজৰ ঘৰখনলৈ মন দিয়ক তেঁওলোকে ৷ ভূপেন বৰা, গৌৰৱ গগৈ আৰু জাকিৰ হুচেইন শিকদাৰ আদিয়ে এই কেইদিন বিজেপিক সমালোচনা কৰা দেখিছো ৷ কংগ্ৰেছৰ সভাত চকী ভঙা, দলিওৱা, মাৰ-পিট আদিৰ খবৰ মাহেকত দুবাৰকৈ আহে ৷ ” বাতৰি কাকতত কংগ্ৰেছৰ সভাত মাৰ-পিট আদিৰ দুটা বাতৰি দেখুৱাই বিৰোধী দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে পীযুষ হাজৰিকা ৷

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷ সভাপতি বৰাক আক্ৰমণ কৰি মন্ত্ৰীজনে কয় “ আপুনি আৰু মহাভাৰতৰ কথা নক’ব ৷ ভগৱান কৃষ্ণক লাভ জিহাদী সজোৱা মানুহে নিজকে অৰ্জুন বুলি ক’লে নুশুৱায় ৷ প্ৰথমে নিজৰ দলৰ মাৰ-পিট বন্ধ কৰক ৷ তাৰ পিছত আমাৰ দলক সমালোচনা কৰক ৷”

উল্লেখযোগ্য যে কংগ্ৰেছ ৱৰ্কিং কমিটীত স্থান লাভ কৰাৰ পিছত অসমত ভৰি দিয়েই দেওবাৰে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছিল সাংসদ গৌৰৱ গগৈ ৷ গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল “বিজেপিত এক বেমাৰ সোমাইছে ৷ এই বেমাৰে বিজেপিত মাৰাত্মক ৰূপ ল’ব ৷ আৰু কিছুদিনৰ পিছত বিজেপি দল নাইকীয়া হোৱাৰ লক্ষণ দিখা দিছে ৷ এতিয়া বিজেপি এজন ব্যক্তিৰ দল হৈ পৰিছে ৷” তাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক মন্ত্ৰী পীযুষ হাজৰীকাৰ আক্ৰমণ ৷

মন্ত্ৰীজনে কয় “ কংগ্ৰেছ দলটো এতিয়া কেন্সাৰত আক্ৰান্ত ৷ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ সমৰ্থকৰ মাৰ-পিট কেতিয়া লাগে সেয়া চাবলৈহে বাট চাই আছো ৷ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত ইলেকচন খেলিম বুলি কৈয়ে আছে ৷ গৌৰৱ গগৈয়ে ধিং-ৰূপহীত ঘূৰিয়েই আছে ৷ দুয়োৰে সমৰ্থকৰ মাজত কেতিয়া মাৰ-পিট লাগিব সেই বাতৰি সোনকালেই আপোনালোকে পাব ৷ এই মাৰ-পিটবোৰ তেওঁলোকৰ কেন্সাৰ, তেওঁলোকৰ প্ৰতিজনেই কেন্সাৰ ৰোগত আক্ৰান্ত ৷ মাৰ-পিট, দলিওৱা-দলিৰ কেন্সাৰত তেওঁলোকৰ প্ৰত্যেকেই আক্ৰান্ত ৷ ” এইদৰে প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক : Assam BJP internal conflict : ন-বিজেপি পুৰণি বিজেপি কংগ্ৰেছ আৰু সংবাদ মাধ্যমৰহে সৃষ্টি; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.