ETV Bharat / state

Flood hazard: বান পৰিস্থিতিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ জৰুৰী বৈঠক; ব্যৱস্থা গ্ৰহণত আপোচ নকৰিবলৈ নিৰ্দেশ - Assam Flood relief fund

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ৰোধৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বান-খহনীয়া ৰোধৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীৰ ক্ষেত্ৰত আপোচ নকৰিবলৈ মুখ্য অভিযন্তাক নিৰ্দেশ ৷ বান পৰিস্থিতিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ জৰুৰী বৈঠক, ডিব্ৰুগড়ৰ ভয়ংকৰ খহনীয়াক লৈ উদ্বিগ্নতা ৷

necessary measures for flood
Meeting on Flood hazard
author img

By

Published : Jun 16, 2023, 7:06 PM IST

গুৱাহাটী, ১৬ জুন: ৰাজ্যত আৰম্ভ হৈছে জেঠ মহীয়া বানৰ তাণ্ডৱ ৷ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ পৰা সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ জৰিয়তে ৰাজ্যখনৰ সাম্প্ৰতিক বান আৰু খহনীয়াৰ বুজ লয় মন্ত্ৰী হাজৰিকাই ৷

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই প্ৰতিখন জিলাৰে বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ খবৰ লৈ এই অঞ্চলসমূহত কৰি থকা বিভাগীয় কামৰ অগ্ৰগতিৰ বুজ লয় ৷

গৰাখহনীয়াৰ কবলত পৰা অঞ্চলসমূহত জৰুৰী আৰু অগ্ৰাধিকাৰ ভিত্তিত জিঅ’ বেগ আৰু পৰ্কুপাইনৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ বিভাগীয় মুখ্য অভিযন্তাক খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই পঠিওৱা সামগ্ৰীসমূহৰ উপৰিও প্ৰয়োজন অনুসৰি আৰু অধিক এনে সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

আনহাতে, ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া বিষয়টোক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই যিকোনো উপায়েৰে এই খহনীয়া ৰোধৰ বাবে কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ৷ এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ অভিযন্তা কৰ্মচাৰীসকলক মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা সময়মতে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ মন্ত্ৰী হাজৰীকাই আহ্বান জনায় ৷

লগতে পঢ়ক: Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

উল্লেখ্য যে, জলসম্পদ মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ নাওনৈচাত হোৱা বান পৰিস্থিতিৰো বুজ লয় । মন্ত্ৰীগৰাকীৰ নিৰ্দেশত জিলাখনৰ শিঙৰা নদীৰ বানত ভাগি যোৱা মথাউৰিৰ ভগ্ন অংশৰ মেৰামতিৰ কাম চলাই থকা হৈছে ৷ মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত সম্ভৱপৰ সকলো কাম কৰি মথাউৰিটো জৰুৰীভাৱে অস্থায়ী মেৰামতি কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে ৷

শুকুৰবাৰৰ এই পৰ্যালোচনা বৈঠকত মন্ত্ৰী হাজৰীকাই লগতে সকলো অভিযন্তা আৰু কৰ্মচাৰীকে বাৰিষাৰ সময়খিনিত সষ্টম হৈ থাকি ৰাজ্যবাসীক বান-খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদী সমুহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নৈ কাষৰীয়া অঞ্চল সমূহ প্লাৱিত হৈছে বছৰৰ প্ৰথমটো বানত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.