ETV Bharat / state

Defamation Case Against Congress MLA: বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

এইবাৰ কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে মানহানি গোচৰ ৷ মন্ত্ৰী পীযুষ হাজৰীকাই তৰিলে এই গোচৰ ৷ মন্ত্ৰীগৰাকীৰ সন্মান লাঘৱ হোৱা মন্তব্যটো আছিল- ‘‘অসমত ছিণ্ডিকেট বিধায়ক বুলি ক’লে সকলোৱে পীযুষ হাজৰীকা বুলিয়েই চিনি পায় ৷’’

Defamation Case Against Congress MLA
কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:04 PM IST

গুৱাহাটী, ১০ অক্টোবৰ : এইবাৰ কংগ্ৰেছ নেতা তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰূদ্ধে কামৰূপ মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত এই গোচৰ তৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ১০ কোটি টকাৰ মানহানিৰ গোচৰটোৰ নম্বৰ- 634/2023 ৷ কংগ্ৰেছ নেতাগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন তথা আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে এই গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি মন্ত্ৰী পীযুষ হাজৰীকা আৰু কংগ্ৰেছৰ নেতা কমলাক্ষ দে’ পুৰকায়স্থৰ মাজত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ চলি আহিছিল ৷ তাৰ মাজতে কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে চাহ বাগিচা ক্ৰয়ক লৈ চি এম ভিজিলেন্সৰো অভিযান চলিছিল ৷ তেতিয়াই মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে পূৰ্বতকৈয়ো অধিক আক্ৰমণাত্মক হৈ পৰিছিল কংগ্ৰেছ বিধায়কজন । ২৮ ছেপ্তেম্বৰত নলবাৰীত কমলাক্ষ দে’ পুৰকায়স্থই মন্ত্ৰী পীযুষ হাজৰীকা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল, ‘‘অসম এতিয়া ছিণ্ডিকেটৰ স্বৰ্গৰাজ্যত পৰিণত হৈছে ৷ অসমত ছিণ্ডিকেট বিধায়ক বুলি ক’লে সকলোৱে পীযুষ হাজৰীকা বুলিয়েই চিনি পায় ৷’’

আনহাতে যোৱা ২৯ ছেপ্তেম্বৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাৰ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি আন মন্ত্ৰীসকলক উদ্দেশ্যি গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি কমলাক্ষই কৈছিল- “মন্ত্ৰীয়ে ৮০ লাখটকীয়া Rolaxৰ ঘড়ী পিন্ধে, ৭০ লাখ টকীয়া গাড়ীত ঘূৰে, মন্ত্ৰীৰ পত্নীয়ে ডেৰ লাখ টকীয়া নাইট ড্ৰেছ পিন্ধে, লণ্ডনৰ পৰা ড্ৰেছ আনে আৰু পচন্দ নহ'লে ঘূৰাই পঠায় ৷” কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ নেদেখে বুলি কটাক্ষ কৰি তেওঁ মন্তব্য কৰিছিল বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিলাসিতাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ চকু বিৰোধীৰ ওপৰত ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইদিনমান আগতে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল । তাৰ পাছতেই এইবাৰ কংগ্ৰেছৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থৰ বিৰুদ্ধে মন্ত্ৰী হাজৰীকাই মঙলবাৰে তৰিলে এই মানহানি গোচৰ ৷

লগতে পঢ়ক: Prabin Boro to Join Congress: জাতীয়তাবাদী প্ৰবীণ বড়োৰ কংগ্ৰেছ যাত্ৰা কিয়? ইটিভি ভাৰত Exclusive

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.