ETV Bharat / state

চৰকাৰ পুনৰ বিজেপিৰেই হব: প্ৰভাৰীৰ দায়িত্ব লৈয়েই ঘোষণা মন্ত্ৰী টোমৰৰ

2021 ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰৰ ৷ 2016 তকৈও অসমত এইবাৰ বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিঙক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৷ সেই সূত্ৰে গুৱাহাটীত আহি উপস্থিত হৈছে মন্ত্ৰী টোমৰ ৷

author img

By

Published : Feb 18, 2021, 9:59 PM IST

as_ghy_02_narendra_singh_tomar_7206058
minister narenda singh tomar at guwahati

গুৱাহাটী, 18 ফেব্ৰুৱাৰী: অসমত চৰকাৰ পুনৰ বিজেপিৰেই হব । বৰং 2016 তকৈ এইবাৰৰ নিৰ্বাচনত অধিক ভালহে হব বিজেপিৰ ফলাফল । বৃহস্পতিবাৰে গুৱাহাটীত এইদৰে ঘোষণা কৰে কেন্দ্ৰীয় কৃষি, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে । বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিঙক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে । সেই সূত্ৰে মন্ত্ৰী টোমৰ গুৱাহাটীত আহি উপস্থিত হয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে বিয়লি মহানগৰীৰ খানাপাৰাত নতুনকৈ স্থাপন কৰা দলৰ 'মিডিয়া চেন্টাৰ' টো উদ্বোধন কৰে ।

2016 তকৈও অসমত এইবাৰ বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নতুন মিডিয়া চেন্টাৰত এখন সংবাদমেলত ভাগ লয় । দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু অসমৰ দায়িত্বত থকা দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বৈজয়ন্ত জয় পাণ্ডাক লগত লৈ সম্বোধন কৰা সংবাদমেলখনত মন্ত্ৰী টোমৰে কয় যে 2016 ৰ নিৰ্বাচনৰ তুলনাত এইবাৰ বিজেপিয়ে আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হব । অসমত চৰকাৰ পুনৰ বিজেপিৰেই হ'ব বুলিও তেওঁ ঘোষণা কৰে । লক্ষণীয়ভাৱে অসমত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অতি কৌশলগতভাৱে মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি কংগ্ৰেছৰ দৰে এটা প্ৰাইভেট লিমিটেড কোম্পানী নহয় । গতিকে এই সিদ্ধান্ত দলৰ নেতৃত্বইহে গ্ৰহণ কৰিব ৷

আনহাতে, দিল্লীত চলি থকা কৃষক আন্দোলনে অসমৰ বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলিও তেওঁ দাবী কৰে । কৃষি আইন সন্দৰ্ভত প্ৰতিবাদী কৃষকৰ লগত আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰস্তুত বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক: মই মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.