ETV Bharat / state

EIRC of ICAI Conference : গুৱাহাটীত ICAI ক ভূমি দিব চৰকাৰে

author img

By

Published : Dec 16, 2022, 10:31 PM IST

অসম চৰকাৰে ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউনটেণ্টছ অব ইণ্ডিয়াক উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰদান কৰিব পৰ্যাপ্ত ভূমি ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা ‘প্ৰতিবদ্ধতাঃ উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধ’ শীৰ্ষক অনুষ্ঠানত এই কথা ঘোষণা মন্ত্ৰী অশোক সিংঘালৰ ৷

EIRC of ICAI Conference
গুৱাহাটীত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউনটেণ্টছ অব ইণ্ডিয়াক ভূমি দিব চৰকাৰে

গুৱাহাটী,১৬ ডিচেম্বৰঃ গুৱাহাটীত এক উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰে ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউনটেণ্টছ অব ইণ্ডিয়াক(Institute of Chartered Accountants of India ) প্ৰদান কৰিব পৰ্যাপ্ত পৰিমাণৰ ভূমি । এই কথা ঘোষণা গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ(Minister Ashok Singhal) । শুকুৰাবে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত ‘প্ৰতিবদ্ধতাঃ উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধ’ শীৰ্ষক এক ৰাষ্ট্ৰীয় সন্মিলনত অংশ গ্ৰহণ কৰি এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউনটেণ্টছ অব ইণ্ডিয়া'ৰ (ICAI) পূৱ-ভাৰত আঞ্চলিক পৰিষদৰ (Eastern India Regional Council, EIRC) গুৱাহাটী শাখাই আয়োজন কৰা দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মন্ত্ৰী অশোক সিংঘালে ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউনটেণ্টছ অব ইণ্ডিয়া হৈছে ভাৰতত আৰ্থিক সততা, বিচক্ষণতা আৰু নিখুঁততাৰ মানৰ বাহক ।’’

সদস্যসকলৰ কৰ্তব্যনিষ্ঠা তথা উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ ফলস্বৰূপেই ICAI এ সংখ্যাতকৈ গুণগত মানৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰা এক প্ৰতিষ্ঠান হিচাপে আজি বিশ্বজুৰি স্বীকৃতি আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত বিশ্বস্তৰৰ উৎকৃষ্ট শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ দিশত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) সদায়েই উৎসাহ প্ৰদান কৰি আহিছে । ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত এই প্ৰতিষ্ঠান স্থাপনৰ দিশত সহযোগিতা প্ৰদানেৰে আই চি এ আইৰ ওপৰত ৰখা আস্থা আৰু বিশ্বাসৰ বাবে মুখ্যমন্ত্ৰীগৰাকী ধন্যবাদ জ্ঞাপন মন্ত্ৰী অশোক সিংঘালৰ ৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটে(Assam Cabinet Meeting) এই পৰ্যন্ত ৪০০ৰো অধিক আওপুৰণি অচল আইন বাতিল বা সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ব্যৱসায় বা উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া সুষম কৰা, মৌলিক সেৱাসমূহ অনলাইনযোগে প্ৰদান কৰা তথা ঔদ্যোগিক বিকাশৰ দিশত উদগনি প্ৰদানৰ বাবে বহুবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী অশোক সিংঘালে ৷

মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত আই চি এ আইৰ পূৱ-ভাৰত আঞ্চলিক পৰিষদে(EIRC of ICAI) গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ মন্ত্ৰী গৰাকীয়ে কয় যে, ‘‘ই আই আৰ চিৰ(EIRC) সদস্যসকল হৈছে ভাৰতীয় বিত্তীয় খণ্ডৰ অগ্ৰণী যোদ্ধা ৷ অসমৰ সফলতাৰ কাহিনী দেশৰ অন্যান্য প্ৰান্তৰ বিনিয়োগকাৰীসকলৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে ।’’

উল্লেখ যে ‘প্ৰতিবদ্ধতাঃ উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধ’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছয় শতাধিক চাৰ্টাৰ্ড একাউনটেণ্টে অংশ গ্ৰহণ কৰিছে৷ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সিংঘালৰ লগতে আই চি এ আইৰ সভাপতি ড॰ দেৱাশীষ মিত্ৰ, গুৱাহাটী শাখাৰ চি পি ই কমিটীৰ অধ্যক্ষ জয় প্ৰকাশ গুপ্তা, গুৱাহাটী শাখাৰ অধ্যক্ষ গৌৰৱ গাৰোডিয়াকে ধৰি ভালেসংখ্যক বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Encroachment in Batadrava: বটদ্ৰৱাত প্ৰশাসনৰ তৎপৰতাৰ বিপৰীতে চৰকাৰক কাবৌ-কোকালি বেদখলকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.