গুৱাহাটী, ১৪ মাৰ্চ: ৰাজ্যত বৃদ্ধি পাব পৌৰ কৰ । ইয়াকে লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে মুখ খুলিলে নগৰ উন্নয়ণ মন্ত্রী অশোক সিংহলে (Reference to increase in municipal taxes) । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে তৃতীয় দিনা সদনত এই বিষয়ে স্থান লাভ কৰে (Budget Session of Assam Legislative Assembly) । এই প্ৰসংগত মন্ত্রী সিংহলে সংবাদ মাধ্যমৰ আগত কয় যে, সম্পত্তি কৰ বৃদ্ধিক লৈ নগৰ আৰু চহৰত বহু বিভ্ৰান্তিকৰ কথা-বাৰ্তা হোৱা দেখিবলৈ পোৱা গৈছে (Minister Ashok Singhal comment on increase of municipal tax) ।
তেওঁ জনাই যে, আজি বিধানসভাৰ শূন্যকালীন ঘণ্টাত এই বিষয়ে আলোচনা কৰা হয় । তেওঁ কয় যে, অসমৰ বহু পৌৰসভাত জন্মলগ্নৰ পৰা টেক্স এচেছমেণ্ট হোৱা নাই আৰু কোনো ধৰণৰ সম্পত্তি কৰ সংগ্ৰহ কৰা হোৱা নাছিল । বহু বছৰ ধৰি ৰি-এচেছমেণ্ট নোহোৱাৰ বাবে এইবাৰ চৰকাৰে সকলো পৌৰসভাত ৰি-এচেছমেণ্ট কৰিলে আৰু সেই অনুসৰি কৰ নিৰ্ধাৰণ কৰি সংগ্ৰহৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে (Reaction on Municipal tax)।
কিন্তু কোনো কোনো ঠাইত যোগ-বিয়োগ কৰাত নাইবা বুজি পোৱাত অসুবিধা হোৱা বাবে বহু বিভ্ৰান্তিকৰ কথা ওলাই আছিল । এই বিষয়ে মঙলবাৰে সদনত স্পষ্ট কৰি দিয়া হয় আৰু বহু বিধায়কৰ লগতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, পৌৰসভাই বিচাৰিলে ২৫ শতাংশলৈ সম্পত্তি কৰ বৃদ্ধি কৰিব পাৰিব আৰু নিবিচাৰিলে এক শতাংশও বৃদ্ধি কৰিব পাৰিব ।
কৰ বৃদ্ধিৰ পৰিমাণ একমাত্ৰ পৌৰসভাৰ ওপৰত নিৰ্ভৰ কৰিব । ইয়াত চৰকাৰখনৰ কোনো হস্তক্ষেপ নাই । পৌৰসভাই বিচাৰিলে ক'ৰবাত এক টকা নাইবা ২৫ টকা হাৰত কৰ বৃদ্ধি কৰিব পাৰে । আনহাতে, ক'ৰবাত ২৫ শতাংশৰ বেছি কৰ বৃদ্ধি কৰিব বিচাৰিলে উপযুক্ত কাৰণ দৰ্শাই প্ৰস্তাৱ দিব লাগিব বুলি তেওঁ মন্তব্য আগবঢ়াই । তেওঁ লগতে কয় যে, নতুনকৈ বৃদ্ধি কৰা সম্পত্তি কৰৰ দ্বাৰা যাতে ৰাইজৰ ওপৰত বেছিকৈ বোজা নপৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হৈছে ।
লগতে পঢ়ক: 9 detained in Dibrugarh: ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত বিক্ৰী মেট্ৰিকৰ প্ৰশ্নকাকত