ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত সন্মান বুটলিলে মিনাংকই - ভাৰত আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱ

বিগত মাৰ্চ মাহৰ 24 - 30 তাৰিখলৈকে কলকাতাস্থিত ইষ্টাৰ্ণ জোনেল কাল্চাৰ চেন্টাৰত অনুষ্ঠিত হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত অংশগ্ৰহণ কৰিছিল মিনাংকই ৷ এই মূকাভিনয় মহোৎসৱত মেক্সিকো , জাপান , বাংলাদেশ , জাৰ্মানী ধৰি বহু কেইখন দেশৰ মূকাভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰে ৷

ভাৰত আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱ
author img

By

Published : Apr 7, 2019, 9:48 AM IST

Updated : Apr 7, 2019, 2:04 PM IST

নিউজ ডেস্ক , 7 এপ্ৰিল : কলকাতাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ল অসম সন্তান মিনাংকই ৷ মইনুল হ'কৰ ছাত্ৰ মিনাংক ডেকাই বিগত মাৰ্চ মাহৰ 24 - 30 তাৰিখলৈকে কলকাতাস্থিত ইষ্টাৰ্ণ জোনেল কাল্চাৰ চেন্টাৰত অনুষ্ঠিত হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত অংশগ্ৰহণ কৰিছিল ৷

ETV BHARAT
মিনাংক ডেকা

মূকাভিনয় মহোৎসৱ উপলক্ষে ইণ্ডিয়ান মাইম থিয়েটাৰৰ প্ৰাঙ্গনৰ পৰা ইজিচিচিলৈ উলিওৱা শোভাযাত্ৰাত জনপ্ৰিয় ভাৰতীয় মূকাভিনয় শিল্পী পদ্মশ্ৰী নিৰঞ্জন গোস্বামীৰ লগতে অন্য বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷ এই শোভাযাত্ৰাত মিনাংকৰ বিষয়বস্তু আছিল 'ছেভ নেচাৰ' ৷ মিনাংকৰ ভাষ্য অনুসৰি তেওঁ মূকাভিনয়ৰ বিষয়ে প্ৰচাৰ কৰিব বিচাৰে যি দৰে মানুহে গান আৰু নৃত্যৰ বিষয়ে প্ৰচাৰ কৰে ৷ 7 দিনীয়া এই আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ প্ৰথম দিনা মিনাংকই 'মিনাংকৰ প্ৰথম প্ৰেম' , 'মন্দিৰ দৰ্শন ' , 'গাখীৰ গোৱালা' শীৰ্ষক একক মূকাভিনয় প্ৰদৰ্শন কৰে ৷ ইপিনে এই মূকাভিনয় মহোৎসৱত মেক্সিকো , জাপান , বাংলাদেশ , জাৰ্মানী , নেপাল শ্ৰীলংকাকে ধৰি বহু কেইখন দেশৰ মূকাভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ তদুপৰি ৰাজস্থান , কেৰেলা , উড়িশা , মণিপুৰ , বিহাৰৰ লগতে পশ্চিম বংগৰ মূকাভিনয় শিল্পীয়েও অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি অসমৰ আন দুগৰাকী মূকাভিনয় শিল্পী কুলদীপ পাটগিৰী আৰু বিজিত কুমাৰ দাসেও এই আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত অংশগ্ৰহণ কৰে ৷

buakgba
Last Updated : Apr 7, 2019, 2:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.