ETV Bharat / state

Midday Meal workers protest: দৰমহা বৃদ্ধিৰ দাবীৰে চচলত মধ্যাহ্ন ভোজনৰ কর্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Jul 20, 2022, 7:13 PM IST

মহিলী বেতন এহেজাৰ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী মধ্যাহ্ন ভোজনৰ কর্মচাৰীৰ ৷ চৰকাৰে প্ৰতিশ্ৰুতি দি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে (Midday Meal workers protest in Guwahati)৷

Midday Meal workers protest
দৰমহা বৃদ্ধিৰ দাবীৰে চচলত মধ্যাহ্ন ভোজনৰ কর্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, ২০ জুলাই: মধ্যাহ্ন ভোজনৰ কর্মচাৰীসকলৰ মহিলী বেতন এহেজাৰ টকাৰ পৰিবৰ্তে পাঁচ হাজাৰ টকালৈ বৃদ্ধি কৰা তথা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি বুধবাৰে গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ (Midday Meal workers protest in Guwahati)।

সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন(প্ৰধানমন্ত্ৰী পোষণ) কর্মচাৰী সন্থাৰ উদ্যাগত বুধবাৰে পুৱা দহ বজাৰ পৰা বাৰ বজালৈ সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা তেওঁলোকৰ মাননী অতি শীঘ্ৰে আদায় দিয়া, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননী ১০ মাহৰ পৰিৱৰ্তে ১২ মাহৰ মাননী আদায় দিয়া, পূৰ্বৰ ১০০০ টকাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি পাঁচ হেজাৰ টকালৈ বৃদ্ধি কৰা, সকলো ৰন্ধন কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ(Midday meal workers regularisation) কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে (Demands for mid day meal workers salary hike) ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত দিছপুৰ সংমণ্ডলৰ ACP হিমাংশু দাসৰ(Dispur ACP Himangshu Das) জৰিয়তে সন্থাৰ কেইবাটাও দাবী সন্মিলিত এখন স্মাৰকপত্ৰ ৰাজ্যৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰে । ইফালে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভানেত্ৰী অমিয়া ৰাভা আৰু সম্পাদিকা জুনু ঠাকুৰিয়াই কয় যে, শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ১৯৯৫ চনৰ ১৫ আগষ্টত মধ্যাহ্ন ভোজন আঁচনি গ্ৰহণ কৰিছিল । সেই অনুসৰি অসমতো ২০০৫ চনৰ পৰা কার্যকৰী হোৱা এই আঁচনিত বৰ্তমান অসমৰ প্ৰায় এক লাখ বিশ হাজাৰ ৰন্ধন কৰ্মচাৰী সংযুক্ত হৈ আছে ।

কিন্তু দুখৰ কথা এই যে, এই কৰ্মচাৰীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন-বৰ্তন ধোৱা আদি কামৰ বাবে ৫/৬ ঘন্টা সময় ব্যয় কৰাৰ পিছতো মাত্ৰ এহেজাৰ টকা ন্যূনতম মজুৰিৰ বিনিময়ত কাম কৰিবলগীয়া হৈছে । নাৰ্যপ্ৰাপ্তিৰ বাবে সন্থাই বিগত সময় চোৱাত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত 2021 চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰে ৫০০ টকা মাননী বৃদ্ধি কৰি ১৫০০ টকাকৈ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰৰ সেই প্ৰতিশ্ৰুতি আজিলৈ সেয়া কাৰ্যকৰী নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সন্থাৰ নেতৃবৃন্দই ।

সেয়ে তেওঁলোকৰ মাহেকীয়া মাননী ৫০০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক সজোৰে দাবী জনায় । অন্যথা তেওঁলোকৰ নাৰ্য প্ৰাপ্তিৰ দাবীত অনাগত দিনত বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়ক: Irregularities of NGO bid in GMC: অভিযন্তাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জি এম চিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.