গুৱাহাটী, 28 অক্টোবৰ : দীৰ্ঘদিনে ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে কৰি অহা আন্দোলনৰ প্ৰতি চৰকাৰে সহাৰি প্ৰদান নকৰাৰ বাবে অহা 1-4 নৱেম্বৰলৈকে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৷
অনাদায় সমস্ত বকেয়াৰ মাননি অতিশীঘ্ৰে আদায় কৰা, চৰকাৰৰ নূন্যতম মজুৰি আইনৰ মতে মাহে 10 হাজাৰকৈ মাননি প্ৰদান, বছৰৰ 12 মাহে মাননি প্ৰদান, বিদ্যালয় একত্ৰীকৰণ আৰু অন্যান্য কাৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন 3 লাখ টকা সাহায্য প্ৰদান, কৰ্মস্থলীত দুৰ্ঘটনা বা আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসাৰ সাহায্য প্ৰদানৰ দাবীত এই আন্দোলনৰ হুংকাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ৷
আনহাতে চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধেও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী ভণিতা পাঠক আৰু সাধাৰণ সম্পাদিকা কনকলতা দাসে আজি জানিবলৈ দিছে ৷ তেওঁলোকে ৰন্ধনকৰ্মীসকলৰ মাননিৰ প্ৰসংগত কয় যে, চৰকাৰে ৰন্ধনকৰ্মীসকলক মাননি দিয়ে মাহেকত মাত্ৰ 1500 টকা ৷ তাকো বছৰৰ 10 মাহৰ বাবেহে । মাননি খিনিও 7 বা 8 মাহলৈ অনাদায় হৈ থাকে ।
মুঠৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি চৰকাৰে প্ৰাথমিক বিদ্যালয়বোৰ একত্ৰিত কৰি থকাৰ ফলত ৰাজ্যখনৰ 6 হাজাৰৰো অধিক ৰন্ধনকৰ্মীয়ে কাম হেৰুৱালে । 2005 চনৰ পৰাই চৰকাৰী আঁচনিখন ৰূপায়ণৰ দায়িত্ব পালন কৰি থকাৰ পাচতো ৰন্ধন কৰ্মীসকলৰ নাজল-নাথল অৱস্থা।
কৰ্মক্ষেত্ৰত দুৰ্ঘটনাগ্ৰস্ত হৈ আঘাতপ্ৰাপ্ত হ'লেও এই ৰন্ধনকৰ্মীসকললৈ নূন্যতম চিকিৎসা সাহায্য নিদিয়ে । উদ্বেগজনক কথা যে, চৰকাৰে সমগ্ৰ আঁচনিখনকেই অনাচৰকাৰী সংস্থাৰ নামত ‘‘অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন’’ৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ যো-জা চলাইছে ৷ ফলত অসমৰ ৰন্ধনকৰ্মীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব বুলি দাবী কৰে সংগঠনটোৱে ।
‘‘উক্ত সমস্যাসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আৱেদন-নিৱেদনৰ উপৰিও জিলা আৰু ৰাজ্যভিত্তিক আন্দোলনৰ জৰিয়তে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছোঁ ৷ তথাপিও ৰন্ধন কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰে উদাসীনতাহে দেখুৱাইছে । আনকি চৰকাৰে আমাৰ সমস্যাসমূহৰ সন্দৰ্ভত আলোচনাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰা নাই।’’ এই মন্তব্য সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিষয়ববীয়াৰ ৷
লগতে পঢ়ক:Agricultural Marketing Board : এঘাৰ মাহৰ দৰমহা পোৱা নাই ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীয়ে