গুৱাহাটী, 28 ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ চচলত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী আৰু সহায়িকা সন্থাৰ কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলে চাকৰিৰ নিয়মীয়াকৰণ, মজুৰি 1500 টকাৰ পৰা 9600 টকালৈ বৃদ্ধি, পেঞ্চন, চিকিৎসা সেৱা প্ৰদান কৰা আদি বিভিন্ন দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে এই দাবীসমূহ পূৰণ নকৰিলে প্ৰতিবাদ অধিক জংগীৰূপত গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে, ৰাজ্যৰ প্ৰায় লক্ষাধিক ৰান্ধনী,সহায়িকাই প্ৰাপ্যৰ দাবীত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল ৷ কিন্তু প্ৰতিবাদকাৰীসকলৰ দাবীত কোনো গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে ৷ যাৰ বাবে নতুন বছৰৰ আৰম্ভণিৰে পৰা ৰাজ্যৰ যিকোনো স্থানতে প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদকাৰীসকলে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত সময়ছোৱাত এইসকল কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ তেনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ৷
লগতে চাওকঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ দেহত কোভিড 19: এইমছত ভৰ্তি