ETV Bharat / state

বগা হাতীত পৰিণত ১৮ হেজাৰ কৌটিটকীয়া গুৱাহাটীৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্প ! - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

৮,০২০ কোটি টকাৰ বাজেট নির্ধাৰণৰে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত সেই সময়ৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মহানগৰীৰ খানাপাৰাত মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন স্থাপন কৰাৰ পিছত বহু লোকে ভাবিছিল, এইবাৰ নিশ্চয় গুৱাহাটী বাসীৰ সপোন বাস্তৱায়িত হ’ব । পিছে মে'ট্ৰ ট্ৰেইনৰ আধাৰশিলা স্থাপনৰ আজি ৫টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ ডি পি আৰ প্রস্তুত নহ’ল অভিলাষী প্ৰকল্পটোৰ ৷

metro-train-project-is-still-a-dream-for-the-people-of-guwahati
বগা হাতীত পৰিণত ১৮ হেজাৰ কৌটিটকীয়া গুৱাহাটীৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্প !
author img

By

Published : Aug 28, 2021, 10:34 PM IST

গুৱাহাটী,২৮ আগষ্ট : কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেটৰ পিছত আন বহু লোকৰ দৰে এটা সময়ত আপুনিও হয়তো ভাবিছিল মুম্বাই,কলকাতা,দিল্লী আদিৰ দৰে উত্তৰ-পূৱৰ দুবাৰ মুখ গুৱাহাটী মহানগৰীৰ ৰাজপথতো চলিব মে'ট্ৰ ট্ৰেইন । গুৱাহাটীবাসীৰ এই সপোনক সফল ৰূপ দিয়াৰ বাবে কেইবছৰ মান পূর্বেই ৰাজ্য চৰকাৰৰ সহযোগত মে'ট্ৰ ট্ৰেইন প্ৰকল্পক বাস্তবায়িত কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ।

তাৰ বাবে বাজেটো নিৰ্ধাৰণ কৰিছিল প্ৰায় ১৮,০২০ কৌটি টকা । তাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্পই কি ৰূপ ললে সেয়া বুজাই ভালদৰে বুজি পাইছে । নকলেই হ’ব গুৱাহাটী বাসীৰ সপোনৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্প এতিয়া অলীক কল্পনা মাত্ৰ । কিয়নো যোৱা যোৱা ৫ বছৰে প্ৰস্তুত নহল প্ৰকল্পটোৰ ডি পি আৰ ।

metro-train-project-is-still-a-dream-for-the-people-of-guwahati
বগা হাতীত পৰিণত ১৮ হেজাৰ কৌটিটকীয়া গুৱাহাটীৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্প !

কেৱল আধাৰশিলাতে যেন সীমাবদ্ধ হৈ থাকিল মে'ট্ৰ ট্ৰেইনৰ প্ৰকল্পৰ কাৰ্যকৰিতা । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱত ইমানদিনে গুৱাহাটীবাসীয়ে আশা কৰি থকা এই অভিলাষী প্ৰকল্প নির্মাণলৈ আহি পৰিছে চৰম অনিশ্চয়তা । মন কৰিবলগীয়া কথা যে, কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে ২০১৫ চনত স্মাৰ্ট চিটি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ সন্মতি প্ৰদান কৰাত গুৱাহাটী বাসীৰ মনত আশাৰ সঞ্চাৰ হৈছিল ।

পৰৱৰ্তী সময়ত ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত সেই সময়ৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহানগৰীৰ খানাপাৰাত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন স্থাপন কৰে । এই প্ৰকল্পৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হৈছিল ১৮,০২০ কোটি টকা । প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰকল্পৰ বাবে চৰকাৰে মুকলি কৰি দিছিল ২৫ কোটি টকা । আশা কৰা হৈছিল গুৱাহাটীবাসীৰ স্বপ্নৰ মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ কাম-কাজ তিনি বা চাৰি বছৰত সম্পুৰ্ণ হলে যাতায়তৰ সমস্যা কিছু লাঘৱ হ’ব ।

কিন্তু গুৱাহাটী বাসীয়ে আশা কৰা ধৰণে এই প্ৰকল্পই লাভ নকৰিলে কোনো বাস্তৱ ৰূপ । জানিব পৰা মতে মে'ট্ৰ ট্ৰেইনৰ বাবে বিকল্প বিশ্লেষণ আৰু গতিবিধি পৰিকল্পনাৰ বাবে দিয়া কামো এতিয়ালৈ সম্পূৰ্ণ কৰিব পৰা নাই চৰকাৰৰ সংশিষ্ট বিভাগে । আনহাতে প্ৰকল্পটোৰ ডি পি আৰ প্ৰস্তুতৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৰিটছ লিমিটেড নামৰ এটা বহিৰাগত প্রতিষ্ঠানক।

কিন্তু আজিলৈ প্ৰস্তুত হোৱা নাই মে'ট্ৰ ট্ৰেইন প্ৰকল্পৰ ডি পি আৰ । এই প্ৰকল্পৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জি এম ডি এ কৰি অহা চৰম হেমাহিৰ বাবে মে'ট্ৰ ট্ৰেইন প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত আহি পৰিছে স্থবিৰতা । তাৰোপৰি কংগ্ৰেছ চৰকাৰৰ দিনতেই হাতত লোৱা এই অভিলাষী প্ৰকল্পটো সফল ভাবে ৰূপায়ন কৰাৰ বাবে যেন ইচ্ছুক নহয় ৰাজ্যৰ বি জে পি চৰকাৰখনো ।

ইয়াৰ যেন জলন্ত প্ৰমাণ সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন বিজেপি চৰকাৰখন । এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কি সোনোৱাল চৰকাৰ কি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, দুয়োখন চৰকাৰে মে'ট্ৰ ট্ৰেইন প্ৰকল্পটোৰ প্ৰতি থকা সদিচ্ছাৰ অভাৱত সম্প্ৰতি খানাপাৰাৰ আধাৰশিলাস্থলী হাবি-জংঘলে ভৰি পৰিছে । আনকি আধাৰশিলা স্থলীৰ কাষত আবাধে গঢ়ি উঠিছে বিভিন্ন দোকান-পোহাৰ ।

অকল এয়াই নহয় একাংশ লোকে পেলনীয়া জাৱৰ জোঁথৰ পেলাই ডাষ্টবিন স্থলীত পৰিণত কৰিছে প্ৰকল্পস্থলী । তাৰোপৰি পূৰ্বে কোনো দুষ্ট চক্ৰই মে'ট্ৰ ট্ৰেইনৰ আধাৰশিলাৰ পৰিত্যক্ত ভূমিৰ কিছু অংশ নিজৰ বুলি দাবী বেদখল কৰি তাত জুপুৰি ঘৰো নিৰ্মান কৰিছিল । কিন্তু একাংশ সচেতন লোকৰ তৎপৰতাৰ বাবে কামৰূপ মহানগৰ প্রশাসনে বেদখলকৃত ভূমি উচ্ছেদ কৰিবলৈ সক্ষম হয় ।

মন কৰিব লগীয়া যে, এই প্ৰকল্পটো যদি সঠিক ভাবে ৰূপায়ন হয় তেন্তে গুৱাহাটী মহানগৰীৰ যান জোঁটৰ সমস্যা বহু পৰিমানে লাঘৱ হ’ব । কিয়নো এই মে'ট্ৰ ট্ৰেইন প্ৰকল্পটোৰ অধীনত মহানগৰীৰ ৬১.৪২ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাত ধাৰাপুৰ, নাৰেংগী, জালুকবাৰী, এম জি ৰোড, খানাপাৰা, পল্টন বজাৰ আদি অঞ্চল সামৰি থাকিব ৫৪টা ষ্টেচন । সেয়ে পলমকৈ হলেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই প্ৰকল্পটোৰ কাম-কাজ আৰম্ভ কৰি গুৱাহাটী বাসীৰ সপোনক সাকাৰ ৰূপ দিবলৈ এতিয়া সচেতন গুৱাহাটী বাসী ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : গুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.