ETV Bharat / state

Sitrang Cyclone in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ - Districts under rainfall alert Assam

অসমতো পৰিব চিত্ৰাঙৰ প্ৰভাৱ(Sitrang Cyclone in Assam)৷ ২৫ অক্টোবৰৰ পুৱা বাংলাদেশ উপকূল অতিক্ৰম কৰিবলগীয়া এই ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত ইতিমধ্য সতৰ্কতা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Sitrang Cyclone in Assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ
author img

By

Published : Oct 24, 2022, 8:04 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : দীপাৱলীৰ আনন্দৰ মাজতে দেশৰ কেইবাটাও প্ৰান্তৰ লগতে অসমতো প্ৰৱেশ কৰিব চিত্ৰাং ঘূৰ্ণী বতাহ (Sitrang Cyclone in Assam) ৷ এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ বংগোপসাগৰৰ নিম্নচাপৰ ফলত সৃষ্টি হোৱা এই ঘূৰ্ণী বতাহ ২৫ অক্টোবৰৰ পুৱা বাংলাদেশ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (Regional Meteorological Department) ।

উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগ আৰু ওড়িশাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই । বিভাগটোৱে কৈছে যে এই ঘূৰ্ণী বতাহে মঙলবাৰে পুৱাৰ ভিতৰত তিনকোণা দ্বীপ আৰু ছনদ্বীপৰ মাজেৰে বাংলাদেশৰ উপকূল পাৰ হ’ব । ওড়িশা, পশ্চিমবংগত ইয়াৰ প্ৰভাৱ পৰাৰ লগতে অসমতো তীব্ৰ প্ৰভাৱ পৰাৰ কথা ইতিমধ্যে জাননীৰ জৰিয়তে জানিবলৈ দিয়ে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি 25 অক্টোবৰত অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে ৷ ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা থকা জিলাকেইখন হৈছে ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ (Heavy rainfall alert in Assam)৷

আনহাতে পশ্চিম কাৰ্বি-আংলঙৰ লগতে কাৰ্বি-আংলঙৰ বিভিন্ন স্থানতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ সতৰ্কবানী অনুসৰি ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, কামৰূপ, কামৰূপ মহানগৰ জিলা, দৰং, মৰিগাঁও, নগাঁও, হোজাই আৰু তিনিচুকীয়া জিলাতো বৰষুণৰ সম্ভাৱনা আছে (Districts under rainfall alert Assam)।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ লগতে অন্য ৰাজ্যসমূহতো জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৃৰ্তপক্ষক চৰকাৰে ঘূৰ্ণী বতাহৰ ফলত হ’বলগীয়া পৰিস্থিতিৰ লগত মোকাবিলাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে । তদুপৰি ওড়িশা আৰু পশ্চিমবংগৰ মাছমৰীয়াসকলক অহা বুধবাৰলৈ সমুদ্ৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ।

ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনী সমিতি চমুকৈ এন চি এম চি য়ে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহে ঘূৰ্ণী বতাহৰ ফলত হ’বপৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীসমূহ পৰ্যবেক্ষণ কৰে ।

লগতে পঢ়ক : Cyclone Sitrang : চিত্ৰাং ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.