গুৱাহাটী, 3 জুলাই : অহা ২৪ ঘণ্টাত অসমৰ জিলাসমূহৰ প্ৰায় সকলো ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ লগতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । লগতে পশ্চিম অসমৰ দুই এঠাইত অত্যন্ত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 48 ঘন্টাত সমগ্ৰ অসমতে অৰেঞ্জ সতৰ্কতা জাৰি কৰিছে । অহা 7 জুলাইলৈ অসমত বৰষুণ হৈ থাকিব বুলি জানিবলৈ দিছে কেন্দ্ৰই । ইপিনে গুৱাহাটীত 7 জুলাইলৈ বতৰ ডাৱৰীয়া হৈ থাকিব । আকৌ 8 আৰু 9 জুলাইত গুৱাহাটীত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । গুৱাহাটীত অহা 9 জুলাইলৈ দিনৰ সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰীৰ ভিতৰত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ।

উল্লেখ্য যে, ৰাজ্যৰ উপনৈসমূহৰ পানী যথেষ্ট কমিছে যদিও বানৰ কৱলৰ পৰা এতিয়াও সংখ্যা মুক্ত হোৱা নাই ৰাজ্যৰ 5 খন জিলা । বজালী, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ, কামৰূপ জিলাৰ 95 খন গাঁৱৰ 1519 আজিও বানৰ কৱলত আছে । মৌচুমী বতাহৰ প্ৰৱেশৰ ফলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে চলিত মাহৰ মধ্যভাগৰপৰা ৰাজ্যত আৰম্ভ হৈছিল বানৰ তাণ্ডৱ । ৰাজ্যৰ ২২খন জিলাৰ ডেৰ সহস্ৰাধিক গাঁৱৰ প্ৰায় পাঁচলাখ জনসংখ্যাক এই বানে প্ৰভাৱিত কৰিছে ।
বানৰ কৱলত পৰি যোৱা ২২ জুনত তামুলপুৰ গোৰেশ্বৰত মৃত্যুৰ প্ৰথমটো ঘটনা ঘটে । ইয়াৰ পাছত ২৩ জুনত নলবাৰীৰ ঘগ্ৰাপাৰাত এজন, ২৩ জুনত নলবাৰীৰ বেণীকুছিত এজন, ২৬ জুনত বৰপেটা আৰু সৰ্থেবাৰীত মুঠ দুজন, ২৭ জুনত বৰপেটাৰ এজন আৰু গোৱালপাৰাৰ ৰংজুলিত এজনৰ মৃত্যুৰ হৈছে । চলিত বছৰৰ প্ৰথমটো অসমত এতিয়ালৈকে মৃত্যু হৈছে সাতজনৰ ।