ETV Bharat / state

স্বাস্থ্য মন্ত্ৰীলৈ চিঠি লিখি ৰোষত পৰিল বিদেশী ট্ৰিবিউনেলৰ সদস্য - foreign tribunal

১৪ গৰাকী ৰাজ্যৰ বিদেশী ট্ৰিবিউনেলৰ সদস্যলৈ অসম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা সাহাৰ্যকলৈ বিতৰ্কিতমূলক মন্তব্য কৰাৰ বাবেই অসম চৰকাৰৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰে বিদেশী ট্ৰিবিউনেলৰ সদস্য কেইগৰাকীলৈ ।

গুৱাহাটী
স্বাস্থ্য মন্ত্ৰীলৈ চিঠি লিখি ৰোষত পৰিল বিদেশী ট্ৰিবিউনেলৰ সদস্য
author img

By

Published : May 3, 2020, 8:02 PM IST

গুৱাহাটী, ৩ মে': ৰাজ্যৰ বিদেশী ট্ৰিবিউনেলৰ ১৪ গৰাকী সদস্যলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম চৰকাৰে । অসম আৰোগ্য নিধিলৈ এইসকল সদস্যই বৰঙনি আগবঢ়োৱাৰ পিছত এই ১৪ গৰাকী সদস্যৰ হৈ বাক্সা বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তাই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

য'ত এই বুলি উল্লেখ কৰা হৈছিল যে তেওঁলোকে আগবঢ়োৱা এই ধনৰাশি যাতে কোনো তবলিগি জামাতী বা জেহাদীৰ চিকিৎসাৰ বাবে ব্যয় কৰা নহয় । এই পত্ৰৰ কথা পোহৰলৈ অহাত "আমছু"কে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

তাৰ পৰিপ্ৰেক্ষিতে ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (খ) শাখাই উক্ত ১৪ গৰাকী সদস্যলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । একোজন দায়িত্বশীল সদস্য হৈ এনেদৰে মন্তব্য আগবঢ়োৱাৰ বাবে স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে চৰকাৰ । ৮ মে'ৰ ভিতৰত এইসকল সদস্যক এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে ।

গুৱাহাটী
স্বাস্থ্য মন্ত্ৰীলৈ চিঠি লিখি ৰোষত পৰিল বিদেশী ট্ৰিবিউনেলৰ সদস্য

জাননী জাৰি কৰা ট্ৰিবিউনেলৰ এই ১৪ গৰাকী সদস্য হ'ল ক্ৰমে চন্দন মালাকাৰ, প্ৰণৱ নাথ, অমলেশ অধিকাৰী, ৰঞ্জন ৰয়, ব্ৰজেন্দ্ৰ কুমাৰ তালুকদাৰ, নৱনীতা বৰুৱা, পম্পা চক্ৰৱৰ্তী, বিনোদ বসুমতাৰী, সঞ্জীৱ গগৈ, স্বৰ্ণালী ঘোষ, ৱুং চোৱান চিংগী, প্ৰদীপ কুমাৰ দাস, প্ৰলয়নাথ ভট্টাচাৰ্য আৰু নিবেদিতা তামুলী নাথ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.