ETV Bharat / state

মেঘালয়ত আবদ্ধ শ্ৰমিক সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম আৰক্ষীৰ

author img

By

Published : Mar 5, 2020, 3:30 PM IST

অসম আৰক্ষীৰ মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই সংবাদ মাধ্যমযোগে শুকুৰবাৰৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ শ্রমিক সকলক সুৰক্ষিতভাৱে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক গটাই দিয়াৰ কথা প্ৰকাশ কৰে ৷

অসম আৰক্ষী
অসম আৰক্ষী

গুৱাহাটী, 5 মাৰ্চঃ শুকুৰবাৰৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ শ্রমিক সকলক সুৰক্ষিতভাৱে মেঘালয় আৰক্ষীয়ে পাঁচ খন ট্ৰাকত লৈ আনি যোৰাবাটত অসম আৰক্ষীক গটাই দিয়ে ৷ এই সম্পৰ্কে অসম আৰক্ষীৰ মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই সংবাদ মাধ্যমৰ আগত কয় যে, বুধবাৰে নিশা তেওঁলোকে এই বিষয়ে খবৰ পাই মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷ সেই মতেই মেঘালয় আৰক্ষীয়ে আজি তেওঁলোকক আনি অসম আৰক্ষীৰ হাতত গটাই দিয়ে ৷ অসমৰ আৰু কিমান লোক মেঘালয়ত আৱদ্ধ হৈ আছে লেই বিষয়ে অসম আৰক্ষীৰ হাতত বৰ্তমানলৈ কোনো ধৰণৰ তথ্য নাই বুলিও উল্লেখ কৰে মহাপৰিদৰ্শক গৰাকীয়ে ৷ অসমৰ ১৪ খন জিলাৰ মুঠ ২৭৯ জন শ্রমিকক মেঘালয় আৰক্ষীয়ে সুৰক্ষিতভাৱে অসমলৈ অনাৰ কথা প্ৰকাশ কৰে মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই ৷

মেঘালয়ত আৱদ্ধ ২৭৯ জন শ্রমিকক সুৰক্ষিতভাৱে অসম আৰক্ষীক গটালে মেঘালয় আৰক্ষীয়ে

লগতে পঢ়কঃ মেঘালয়ৰ পৰা উদ্ধাৰ 500 ত কৈ অধিক অসমৰ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.