গুৱাহাটী, 1 ডিচেম্বৰঃ দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷
অসমীয়া ৰাইজৰ হৈ মাত মাতিবলৈ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ এই ৰাজনৈতিক দলটো গঠন কৰা হয় । ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন স্থানত এই সংগঠনৰ সমিতি গঠন কৰা হৈছে । আজি অনুষ্ঠিত হোৱা এই সভাখনত দলটোৰ মুখ্য আহ্বায়ক মহেন্দ্ৰ দাস, জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰা, ডাঃ অঞ্জন শইকীয়া, বিবেকানন্দ চৌধুৰী, লাচিত বৰদলৈ, প্ৰখ্যাত ছবি নিৰ্মাতা জাহ্নু বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
আনহাতে প্ৰখ্যাত ছবি নিৰ্মাতা জাহ্নু বৰুৱাই সভাত অংশগ্ৰহণ কৰি অগপক কঠোৰ ভাষাৰে সমালোচনা কৰে । ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত নহ'লেও শাসকীয় পক্ষৰ সকলো জাতিবিৰোধী আৰু হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৱলভাৱে মাত মাতি যাম বুলি কয় বিশিষ্ট ছবি নিৰ্মাতা গৰাকীয়ে । উল্লেখ্য যে, এই দলটো ৰাজনৈতিক দল হিচাপে ৰাইজে সহমত প্ৰদান কৰিলে আগন্তুক সকলো নিৰ্বাচনতে দলটোৱে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰাই জানিবলৈ দিয়ে ।