ETV Bharat / state

পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল - চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল

সোমবাৰে গুৱাহাটীৰ চচলত পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল ৷ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী অনান্য সুবিধা প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল

author img

By

Published : Feb 22, 2021, 10:59 PM IST

গুৱাহাটী, 22 ফেব্ৰুৱাৰী: পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল ৷ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী অনান্য সুবিধা প্ৰদানৰ দাবীৰে সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা ওলাই আহিব লওতেই আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতি লিপ্ত হোৱা দেখা যায় ৷ এক লাখ ওঠৰ হাজাৰ ন শ আঠান্নবৈ গৰাকী (১,১৮,৯৯৮) গৰাকী প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল
পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল
মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকলৰ দাবী 1500 টকাৰ পৰা 9600 টকালৈ দৰমহা বৃদ্ধি কৰিব লাগে ৷ লগতে অনান্য সুবিধাৰ বাবে উত্থাপন কৰা দাবীসমূহ মানি নল'লে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰা লগতে দিল্লীত গৈ উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰ লগতে সোমবাৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰান্ধনী সহায়িকা সকলে ৷ মাত্ৰ 1500 টকাৰে মুখ্যমন্ত্ৰীকো ঘৰ চলাবলৈ আহ্বান ৰান্ধনী সহায়িকা সকলৰ ৷ এই সকল ৰান্ধনী সহায়িকাৰ মাজত থকা বিধৱা ৰান্ধনী সহায়িকা সকলে অৰুণোদয় আঁচনিৰ লগতে চৰকাৰৰ কোনো আঁচনিৰ সুবিধা নোপোৱাৰো অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: বৰপেটাত ৮৫ শতাংশ ভোটেই মিত্ৰজোঁটে লাভ কৰিব : গুনীন্দ্ৰ নাথ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.