গুৱাহাটী, 30 জানুৱাৰী : ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈৰ মুক্তি দাবীৰে কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী । গুৱাহাটীৰ গণেশগুৰিৰ গণেশমন্দিৰ সমীপত সাব্যস্ত কৰে এই কাৰ্যসূচী ৷ ইফালে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ ৷ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহাৰ অভিযোগ আৰক্ষীৰ ৷
উল্লেখযোগ্য যে, কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তি দাবীত প্ৰতিবাদকাৰী সকলে গণেশগুৰিপৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ 'জেল ভৰো' শীৰ্ষক কাৰ্যসূচীৰে সমদল বাহিৰ কৰা কথা আছিল; কিন্তু আৰক্ষীৰ হস্তক্ষেপত সম্ভৱ হৈ নুঠিল কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী ৷
আনহাতে, প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ৰাইজৰ দলৰ আহ্বায়ক মনোজ গগৈৰ লগতে প্ৰায় 17 জনকৈ কৃষক মুক্তিৰ সদস্য । প্ৰতিবাদকাৰী সকলৰ মন্তব্য অনুসৰি, গণতান্ত্ৰিক প্ৰতিবাদক ভৰিৰে মোহাৰি হিটলাৰী শাসন চলাইছে প্ৰশাসনে ৷
লগতে পঢ়ক : শিৱসাগৰত পথ দুৰ্ঘটনাত নিহত ঐক্য সেনা অসমৰ নেতা গোলাপজান আলী