ETV Bharat / state

লক ডাউনঃ জালুকবাৰীত অভাৱনীয় পৰিৱেশ

author img

By

Published : Mar 24, 2020, 5:09 PM IST

গুৱাহাটীত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল ওলাই আহিল নিজ নিজ ঘৰলৈ যাবলৈ । পৰিপ্ৰেক্ষিতত এক অভাৱণীয় পৰিস্থিতিৰ সৃষ্টি হয় নামনি অসমৰ যাতায়তৰ প্ৰাণকেন্দ্ৰস্বৰূপ জালুকবাৰীত ।

mass gathering of people in jalukbari
জালুকবাৰীত অভাৱনীয় পৰিৱেশ

গুৱাহাটী, 24 মাৰ্চঃ বিশ্বজুৰি কৰ'ণাই ভয়ানক ৰূপ ধাৰণ কৰিছে। ভাৰতটো ব্যাপক হাৰত বৃদ্ধি পাই আছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ এই ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যাপক তৎপৰ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যেই অসম, দিল্লী, পঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যত লক ডাউন ঘোষণা কৰা হৈছে। অসমত মংগলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ থাকিব তলা বন্ধ । লক ডাউনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গ'ল জন সমাগম ।

জালুকবাৰীত অভাৱনীয় পৰিৱেশ

জালুকবাৰীত পুৱাৰে পৰা ব্যাপক লোকৰ ভিৰ পৰিলক্ষিত হয় । গুৱাহাটীত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল ওলাই আহিল নিজ নিজ ঘৰলৈ যাবলৈ । পৰিপ্ৰেক্ষিতত এক অভাৱণীয় পৰিস্থিতিৰ সৃষ্টি হয় নামনি অসমৰ যাতায়তৰ প্ৰাণকেন্দ্ৰস্বৰূপ জালুকবাৰীত । উল্লেখযোগ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই যাত্ৰীবাহী বাছ বন্ধৰ ৰাখিছে বাছ মালিকসকলে । কিন্তু ইয়াৰ পূৰ্ণ সুযোগ ল'লে একাংশ দুষ্টচক্ৰই । যাত্ৰীৰ যথেষ্ট ভিৰৰ অচিলালৈ দুই-তিনিগুণকৈ বৃদ্ধি হ'ল ভাড়া । তাৰোপৰি ট্ৰাক, মালবাহী বাহন সকলোতে ভিৰ কৰিলে ঘৰমূৱা যাত্ৰীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.