ETV Bharat / state

নুনমাটি মাৰ্বলৰ দুৰ্গা প্ৰতিমা - মাৰ্বলৰ দুৰ্গা প্ৰতিমা নুনমাটি

মহানগৰীৰ নুনমাটি দুৰ্গা পূজা সমিতিয়ে হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰদূষণৰ প্ৰতি লক্ষ্য কৰি নুনমাটি দুৰ্গা পূজা সমিতিয়ে স্থাপন কৰিব মাৰ্বলৰ মূৰ্তি ৷

নুনমাটি দুৰ্গা পূজাত এইবাৰ দেখিবলৈ পাব মাৰ্বলৰ দুৰ্গা প্ৰতিমা
author img

By

Published : Sep 16, 2019, 5:42 PM IST

গুৱাহাটী, 16 চেপ্তেম্বৰঃ দুৰ্গা পূজা সমাগত । দেৱী দুৰ্গাক আদৰাৰ বাবে ৰাজ্য জুৰি এতিয়া চলিছে ব্যাপক প্ৰস্তুতি । কিন্তু ইয়াৰ মাজতে মহানগৰীৰ নুনমাটি দুৰ্গা পূজা সমিতিয়ে হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ ৷ ভয়াবহ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি নুনমাটি দুৰ্গা পূজা সমিতিয়ে স্থাপন কৰিব মাৰ্বলৰ মূৰ্তি ৷ কিয়নো মাটিৰ প্ৰতিমা নদীত বিসৰ্জন দিয়াৰ ফলত মূৰ্তিৰ ৰঙে নদীৰ পানী প্ৰদূষিত কৰে ৷ সেয়ে স্থায়ী ভাবে প্ৰতিমা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নুনমাটি দুৰ্গা পূজা সমিতিয়ে ৷

নুনমাটি দুৰ্গা পূজা সমিতিৰ এই সিদ্ধান্তক আদৰণি জনাই মাৰ্বলৰ প্ৰতিমা দান কৰিছে ব্ৰজেন বড়ো নামৰ এজন লোকে । এই মাৰ্বলৰ প্ৰতিমা প্ৰথমে ৰাজস্থানত নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পাছত কলিকতালৈ আনি ৰং কৰা হৈছে বুলি জানিবলৈ দিয়ে সমিতিয়ে । প্ৰায় ৮০০ কিলোগ্ৰাম ওজনৰ প্ৰতিমাত খৰচ হৈছে মুঠ ৮ লাখ টকা ।

নুনমাটি দুৰ্গা পূজাত এইবাৰ দেখিবলৈ পাব মাৰ্বলৰ দুৰ্গা প্ৰতিমা

ইফালে পূজাৰ দিন চমু চাপি অহাৰ লগে লগে মহানগৰীৰ বিভিন্ন প্ৰান্তত ব্যস্ত হৈ পৰিছে মহিলা মৃণ্ময় শিল্পী সকল ৷ মৃণ্ময় মূৰ্তি নিৰ্মাণৰ জৰিয়তে এই মহিলা শিল্পী সকলে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্বও পালন কৰি আহিছে ৷

Intro:anchor....দূৰ্গা পূজা সমাগত । দেৱী দূৰ্গা ৰ উৎসৱটিক লৈ চৌদিশে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি । কিন্তু ইয়াৰ মাজতে মহানগৰীৰ নুনমাটি দূৰ্গা পূজা সমিতিয়ে হাতত লৈছে এক প্ৰসংশনীয় পদক্ষেপ ।

VO....সমাগত দূৰ্গা পূজা ।দেৱী দুৰ্গাক আদৰাৰ বাবে সকলোতে চলিছে ব্যাপাক প্ৰস্তুতি । এই বৰ্ষৰ পৰা মহানগৰীৰ এখন পূজা সমিতিয়ে হাতত লৈছে প্ৰসংশনীয় পদক্ষেপ ।ভয়াবহ প্ৰদূষণৰ প্ৰতি লক্ষ্য কৰি নুনমাটি দুৰ্গা পূজা সমিতিয়ে স্থাপন কৰিব মাৰ্বলৰ মুৰ্তি । উদ্যোক্তা সকলে কয় যে মৃন্ময় মুৰ্তি যেতিয়া বিসৰ্জন দিয়া হয় তেতিয়া মুৰ্তি ৰ ৰঙে পানী প্ৰদূষিত কৰে ।সেয়ে আমি স্থায়ী কৈ প্ৰতিষ্ঠা কৰিম ব্ৰহ্মপুত্ৰ প্ৰদূষণ ৰোধ কৰিবলৈ ।

বাইট

VO....নুনমাটি দুৰ্গা পূজা সমিতিৰ এই সিদ্ধান্ত ক আদৰণি জনায় এই মাৰ্বলৰ প্ৰতিমা দান কৰিছে শোধনাগাৰৰ কৰ্মচাৰী ব্ৰজেন বড়ো নামৰ লোক জনে । এই মাৰ্বল প্ৰতিমা প্ৰথমে ৰাজস্থানত নিৰ্মাণ কৰা হৈছে,তাৰ পৰা কলকাতাত আনি ৰং কৰা হৈছে বুলি জানিবলৈ দিয়ে । ৮০০ কিলোগ্ৰাম ওজনৰ এই প্ৰতিমাত খৰচ হৈছে মুঠ ৮ লাখ টকা ।

বাইট

VO....প্ৰদূষণ ৰোধৰ বাবে পূৰ্বৰ পৰাই মৃন্ময় মুৰ্তিৰ পৰিবৰ্তে স্থায়ী ভাবে মুৰ্তি স্থাপন কৰা ইচ্ছা আছিল কমিটি খনৰ । কিন্তু আৰ্থিক অভাৱৰ বাবে আমি এই টো কৰিব পৰা নাছিলোঁ । সেই ইচ্ছা পূৰন হোৱাত সকলো সুখী ।

Body:লিপিকা ডেকা

Conclusion: গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.