ETV Bharat / state

কিষাণ সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি হৈছে : মঞ্জিত মহন্ত - বিজেপিৰ নেতা-পালিনেতাই

কৃষক সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ মঞ্জিত মহন্তৰ। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী সাংসদ অজিত কুমাৰ ভূঞাসহ বিশিষ্ট নাগৰিকৰ ।

manjit-mahanta-on-kishan-sanman-nidhi
কিষাণ সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি হৈছে : মঞ্জিত মহন্ত
author img

By

Published : May 19, 2020, 8:53 PM IST

গুৱাহাটী, 19 মে' : কৃযক সন্মান নিধি'ৰ নামত ৰাজ্যত সংঘটিত হোৱা কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাসহ ৰাজ্যৰ বিশিষ্ট নাগৰিকে কৃষক সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিশিষ্ট সাংবাদিক মঞ্জিত মহন্তই অভিযোগ উত্থাপন কৰি কয় যে, কৃষিমন্ত্রী অতুল বৰাৰ বোকাখাত সমষ্টিত কৃষি কৰ্মৰ লগত কোনো ধৰণে জড়িত নথকা লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হৈছে ।

কিষাণ সন্মান নিধি'ৰ নামত কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত আটাইতকৈ বেছি দুৰ্নীতি হৈছে : মঞ্জিত মহন্ত

বহু অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল, অৱসৰপ্ৰাপ্ত শিক্ষকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰি বিজেপিৰ নেতা-পালিনেতাই দুৰ্নীতিৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে মহন্তই । নগণ্য পৰিমাণৰ ধনৰ বাবে বিজেপিৰ নেতা-পালিনেতাই দুৰ্নীতি কৰা কাৰ্যক ধিক্কাৰ দিয়ে মঞ্জিত মহন্তই । বিশিষ্ট নাগৰিক গৰাকীয়ে কৃষক সন্মান নিধি'ৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনাইছে । দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি, অসমৰ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত পুঁজিপতিৰ হাতত গতোৱা, চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু বিদ্যুৎ আইনৰ সংশোধনৰো বিৰোধিতা কৰিছে নাগৰিক সমিতিয়ে ।

উল্লেখ্য যে, ব্যক্তিগত কাৰণত ব্যস্ত থকাৰ বাবে সাংসদ অজিত কুমাৰ ভূঞা সংবাদমেলত উপস্থিত থাকিব নোৱাৰাত মঞ্জিত মহন্তই সংবাদমেল সম্বোধন কৰে । লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাইজক ঘৰৰ ভিতৰত আৱদ্ধ কৰি চৰকাৰে জন বিৰোধী নীতি সমূহ গ্ৰহণ কৰি থকাৰ অভিযোগো উত্থাপন কৰে বিশিষ্ট সাংবাদিক মঞ্জিত মহন্তই ।

লগতে পঢ়ক : ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 154 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.