গুৱাহাটী,30 জানুৱাৰীঃ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 24 জানুৱাৰীত আটক কৰা হৈছিল ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰক ৷ তাৰ পিছতে পুনৰ NIA জিম্মাত বিচাৰি আদালতত হাজিৰ কৰিছিল মানস কোঁৱৰক । উল্লেখযোগ্য যে, 'কা' বিৰোধী আন্দোলনত নেতৃত্ব বহন কৰি আহিছিল ছাত্ৰ নেতা মানস কোঁৱৰে ।
বৃহস্পতিবাৰে NIA ৰ আদালতত হাজিৰ কৰোৱা হয় ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰক ৷ আদালতৰ চৌহদৰ পৰা সংবাদমাধ্যমৰ আগত "জয় আই অসম " ধ্বনি দিয়ে মানস কোঁৱৰে । লগতে অধিবক্তাই জানিবলৈ দিয়া অনুসৰি NIA আদালতে অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ এক প্ৰমানিক পৰীক্ষাৰ বাবে আবেদন বিচাৰিছে ৷ অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, কৃষক মুক্তিৰ এই আটাইকেইজন কাৰাৰুদ্ধ নেতা সহিতে মানস কোঁৱৰক পুনৰ 10 ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব NIA আদালতত ৷