ETV Bharat / state

Meghalaya Assembly Elections: নিৰ্বাচনী ৰণশিঙা বজাবলৈ মেঘালয়লৈ আহিব মমতা বেনাৰ্জী

author img

By

Published : Jan 17, 2023, 12:19 PM IST

নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও মেঘালয়ত লাহে লাহে তুংগত উঠিছে নিৰ্বাচনী কুচকাৱাজ ৷ বিজেপি, কংগ্ৰেছ, এন পি পি কে ধৰি মেঘালয়ৰ কেইবাটাও ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । সমানে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে TMC য়েও । TMC প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুধবাৰে মেঘালয়লৈ আহিব মমতা বেনাৰ্জী(Mamata Benarjee to visit Meghalaya) ।

Mamata Benarjee to visit Meghalaya
বুধবাৰে মেঘালয়লৈ আহিব মমতা বেনাৰ্জী

গুৱাহাটী, ১৭ জানুৱাৰী: নিৰ্বাচনী বতাহে বাৰুকৈয়ে কোবাইছে চুবুৰীয়া ৰাজ্য মেঘালয়ক ৷ এই ফেব্ৰুৱাৰী মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ত নিৰ্বাচনী যুঁজত আন দল সমূহৰ সমানে জঁপিয়াই পৰিছে তৃণমূল কংগ্ৰেছো(Meghalaya Assembly Elections) ৷ কাইলৈ বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে মেঘালয় ভ্ৰমণলৈ আহিব তৃণমূল দলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(CM of West Bengal Mamata Banerjee) ৷ মমতা বেনাৰ্জীৰ সৈতে মেঘালয়লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু দলৰ নেতা তথা সাংসদ ডেৰেক অ’ব্ৰাইন(Mamata Benarjee to visit Meghalaya) ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কাইলৈ ১৮ জানুৱাৰীৰ দিনা মেঘালয় ভ্ৰমণ কৰি বিধানসভা নিৰ্বাচনৰ বাবে উত্তৰ গাৰো পাহাৰ জিলাত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব । মেন্দিপথাৰ অঞ্চলত অনুষ্ঠিত হ’বলগীয়া এই ৰাজহুৱা প্ৰচাৰ অনুষ্ঠানত মেঘালয় TMC ৰ ৰাজ্যিক সভাপতি চাৰ্লছ পিংগ্ৰ’প আৰু বিৰোধী নেতা মুকুল চাংমাইও অংশগ্ৰহণ কৰিব ।

অসম আৰু ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনতো টিএমচিয়ে নিজৰ সবল পদাপৰ্ণেৰে দলটো সাংগঠনিকভাৱে সবল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । বিধানসভা নিৰ্বাচনত বিজয়ৰ হাঁহি মৰাৰ উদ্দেশ্যেৰে ভোট যুদ্ধত নমা টিএমচিৰ বাবে মেঘালয়ৰ নিৰ্বাচনটো হৈ পৰিছে অগ্নিপৰীক্ষা সদৃশ ৷ নিৰ্বাচনমুখৰ মেঘালয়লৈ এইটো হ’ব মমতা বেনাৰ্জীৰ দ্বিতীয়টো ভ্ৰমণ ।

মমতাই যোৱা ১৩ ডিচেম্বৰত ৰাজ্যৰ ৰাজধানী শ্বিলং ভ্ৰমণ কৰি আনুষ্ঠানিকভাৱে বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই বজাই গৈছিল । মমতা বেনাৰ্জীয়ে যোৱা ১৩ ডিচেম্বৰত মেঘালয়ত তৃণমূল কংগ্ৰেছৰ কৰ্মী অধিৱেশনত অংশগ্ৰহণ কৰিছিল । ইতিমধ্যেই তৃণমূলে মেঘালয়ত নিজৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । ঘোষণা কৰিছে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷ যোৱা ১৩ ডিচেম্বৰৰ শ্বিলং ভ্ৰমণৰ সময়ত মমতাই বেনাৰ্জীয়ে মেঘালয়ৰ মহিলাসকলৰ বাবে মেঘালয় বিত্তীয় অন্তৰ্ভুক্তি মহিলা সৱলীকৰণ (Meghalaya Financial Inclusion Women Empowerment) নামৰ আৰ্থিক সাহায্য আঁচনি আৰম্ভ কৰিছিল ।

মেঘালয় টিএমচিৰ দলীয় সূত্ৰই জনাইছে যে, এতিয়ালৈকে ৩.১৪ লাখৰো অধিক লোকে এমএফআই-ডব্লিউই বা ডব্লিউ ই কাৰ্ডৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে । মন কৰিবলগীয়া যে, বুধবাৰে মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া গাৰো হিলছত মেঘালয়ৰ ৬০ খন বিধানসভাৰ আসনৰ ভিতৰত ২৪ খন আসন আছে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মেঘালয়ত টিএমচিয়ে এখনো আসন লাভ কৰি নাছিল যদিও ২০২১ চনৰ নৱেম্বৰ মাহত হঠাতে মেঘালয়ৰ সৰ্ববৃহৎ বিৰোধী দল হিচাপে পৰিগণিত হয় তৃণমূল কংগ্ৰেছ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত ১২ জন কংগ্ৰেছ বিধায়কে টিএমচিত যোগদান কৰি ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হয় ৷

এন পি পিৰ কনৰাড চাংমাই গাৰো পাহাৰৰ দক্ষিণ তুৰা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে টিএমচিয়ে গাৰো পাহাৰৰ সোমগছাক আৰু টিক্ৰিকিল্লা দুয়োটা সমষ্টিতে মুকুল চাংমাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ টিএমচিয়ে এই বিধানসভা নিৰ্বাচনত জয়ী হৈ বংগৰ বাহিৰত প্ৰথম চৰকাৰ গঠন কৰাৰ উদ্দেশ্যেৰে মেঘালয়ত বিশেষভাৱে মনোনিৱেশ কৰিছে ৷ যাৰ বাবে কম সময়ৰ ভিতৰতে এই দ্বিতীয়টো নিৰ্বাচনী ভ্ৰমণ মেঘালয়লৈ ৷

লগতে পঢ়ক: Anarchy in Nagaon Civil Hospital: নগাঁও চিভিল হাস্পতালত ৰোগীক হাৰাশাস্তি কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.