কাৰ ভুলৰ বাবে পানী যোগান ব্যহত হৈ পৰিছে মালিগাঁৱত - মালিগাঁৱত পানী যোগান বন্ধ বাতৰি
GMDAয়ে পানী যোগানৰ ধন আদায় নিদিয়াৰ বাবে মালিগাঁৱত পানী যোগান বন্ধ কৰি দিছে গেমন ইণ্ডিয়াই ৷ ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে পানী যোগানৰ বাবে মাছুল দিছে যদিও পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
গুৱাহাটী, 22 আগষ্টঃ পোহৰলৈ আহিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিভাগৰ আন এক দায়িত্বজ্ঞানহীন কাণ্ড ৷ মহানগৰীৰ মালিগাঁৱৰ বিভিন্ন এলেকাত হঠাৎ বন্ধ হৈ পৰিছে পানী যোগান ৷ GMDAয়ে পানী যোগানৰ ধন আদায় নিদিয়াৰ বাবে অঞ্চলটোত অনিদিষ্টকাললৈ পানী যোগান বন্ধ কৰি দিছে গেমন ইণ্ডিয়াই ৷ যাৰ বাবে এতিয়া এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাণ্ডু টেম্পলঘাট, পুৰণা বজাৰ, পশ্চিম কামাখ্যা কলনী, কামাখ্যা কলনী, মালিগাঁও চাৰিআলি, ১নং গেট, ৩ নং গেট, কামাখ্যা গেট, নাৰ্ছাৰী, কালীপুৰ আদি অঞ্চলৰ ৰাইজে ৷
ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে পানী যোগানৰ বাবে মাছুল দিছে যদিও পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, গুৱাহাটী পৌৰ নিগমে যোগান ধৰা পানীও নিয়মীয়া নহয় ৷ যাৰবাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই অঞ্চলসমূহৰ ৰাইজে ৷ এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিযোগনামা দাখিল কৰিছে ক্ষোভিত ৰাইজে ৷ অঞ্চলটোত অতি শীঘ্ৰে পানী যোগান নিয়মীয়া কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ভূক্তভোগী ৰাইজে ৷
লগতে পঢ়ক-ভাৰত-পাক সীমান্তত সেনাৰ অভিযানত নিহত 5 অনুপ্ৰৱেশকাৰী, উদ্ধাৰ মাৰণাস্ত্ৰ