গুৱাহাটী,4 ডিচেম্বৰঃ পুনৰ গুৱাহাটী মহানগৰীত মহিলা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । মহানগৰীৰ মালিগাঁৱৰ পশ্চিম গোটানগৰত পত্নীক চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি স্বামীৰ । ৰুবুল চৌধুৰী নামৰ এগৰাকী লোকৰ বিৰুদ্ধে পত্নীয়ে উত্থাপিত কৰিছে এই অভিযোগ ।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি স্বামী ৰুবুল চৌধুৰী আৰু শাহুৱেকে দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আছে তেওঁক । স্বামী ৰুবুলে প্ৰায়েই মাৰপিট কৰি চোকা অস্ত্ৰৰে মৃত্যুৰ ভাবুকি দিয়ে মহিলাগৰাকীক। স্বামী ৰুবুল চৌধুৰীয়ে সুৰাপান কৰি প্ৰায়ে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ । উল্লেখযোগ্য যে, পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে মহিলাগৰাকীক অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে। কেৱল ইমানেই নহয়, আঠ বছৰীয়া নিজ কন্যা সন্তান আৰু পত্নীক প্ৰায় 4 বছৰ ধৰি খৰছ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ।
ইফালে মহিলা গৰাকীয়ে গোশালা আৰক্ষীৰ কাষ চপাত কোনো সঁহাৰি নোপোৱাত অৱশেষত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । কিন্তু প্ৰশ্ন হৈছে, আৰক্ষীয়ে স্বামী ৰুবুল চৌধুৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে ৰুবুল চৌধুৰীৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈ থাকিব লাগিব মহিলাগৰাকী ৷