ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা হ'ব মাজুলী আৰু নলবাৰী ৰাসক - ৰাস মহোৎসৱক লৈ জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল

ৰাজ্যৰ পৰ্যটন বিভাগে মাজুলী আৰু নলবাৰীৰ ৰাসক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সংবাদমেলযোগে শনিবাৰে এই কথা ঘোষণা কৰে ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ৷

সংবাদমেল সম্বোধন কৰা অৱস্থাত জয়ন্তমল্ল বৰুৱা
author img

By

Published : Oct 12, 2019, 5:33 PM IST

গুৱাহাটী, 12 অক্টোবৰঃ ৰাজ্যৰ পৰ্যটন বিভাগৰ বাবে ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে অসম পৰ্যটন নিগমে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ আগন্তুক ৰাস মহোৎসৱ উপলক্ষে পৰ্যটন বিভাগে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটক আদৰিবলৈ গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷ সেই অনুসৰি অহা 11 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ বাবে পৰ্যটকক বিশেষ সুবিধা প্ৰদান কৰিব ৰাজ্যিক পৰ্যটন নিগমে ৷

ৰাস মহোৎসৱক লৈ জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল

ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰিছে এই তথ্য ৷ ৰাস মহোৎসৱ দৰ্শনৰ বাবে পৰ্যটন বিভাগে বিভিন্ন সংস্থাৰ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ সৈতে লগ লাগি পৰ্যটকক প্ৰদান কৰিব বিভিন্ন সুবিধা ৷ সেই অনুসৰি, গুৱাহাটীস্থিত পৰ্যটন নিগমৰ কাৰ্যালয়ৰ পৰা দৰ্শনাৰ্থীয়ে ল'ব পাৰিব ভ্ৰমণ তথা থকা-খোৱাৰ টিকট ৷ ইতিমধ্যে অনলাইনযোগে টিকট পঞ্জীয়নৰ ব্যৱস্থা মুকলি কৰিছে পৰ্যটন নিগমে ৷ পৰ্যটকৰ বাবে এই টিকটসমূহত মাজুলী আৰু নলবাৰীলৈ অহা-যোৱাৰ লগতে নিৰ্দিষ্ট স্থানত থকা-খোৱাৰ ব্যৱস্থা উপলব্ধ থাকিব ৷ মাজুলীত পৰ্যটকৰ বিশেষ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তিনি স্থানত টেণ্টৰ ব্যৱস্থা কৰাৰ উপৰিও গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰৰ পৰা মাজুলীলৈ পোনপটীয়াকৈ বাছ সেৱাৰ ব্যৱস্থা কৰিছে নিগমে । আনহাতে নলবাৰী ৰাসৰ বাবে টিকটৰ সৈতে সংলগ্ন থাকিব ভ্ৰাম্যমান থিয়েটাৰ উপভোগৰ সুবিধা ৷ অসমৰ ৰাস মহোৎসৱৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ বাবে পৰ্যটন বিভাগে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ মুখ্য চহৰসমূহত বিজ্ঞাপন প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও বিভিন্ন চিনেমাগৃহ তথা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদমাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াযোগে ৰাস মহোৎসৱৰ প্ৰচাৰ চলাই থকাৰ কথাও প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ৷

অধিক পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক

আনহাতে আগন্তুক পুস্কৰ মেলাৰ বাবে দেশৰ বিশেষকৈ দক্ষিণ ভাৰতৰ 2 লাখ দৰ্শনাৰ্থীক আদৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যটন বিভাগে ৷ মেলাৰ বাবেই গুৱাহাটীৰ বিভিন্ন স্থানত ইয়াৰ বাবে আন্তঃগাঁথনিৰ ব্যৱস্থা কৰাৰ লগতে প্ৰায় 200 কোটি টকাৰ ব্যৱসায়ৰ লক্ষ্য হাতত লোৱাৰ কথা প্ৰকাশ কৰে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ৷

উল্লেখ্য যে, মাজুলীৰ জীৱন্ত ৰাস আৰু নলবাৰীৰ মৃন্ময় ৰাসৰ জনপ্ৰিয়তা সৰ্বজনবিদিত ৷ ইয়াৰ লগতে নলবাৰী ৰাসৰ আন এক মুখ্য আকৰ্ষণ হৈছে ভ্ৰাম্যমান থিয়েটাৰ ৷ ৰাজ্যৰ অন্যতম মনোৰঞ্জনৰ ব্যৱস্থা হিচাপে ভ্ৰাম্যমান থিয়েটাৰক এইদৰে প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে গুৰুত্ব প্ৰদান কৰাটো নিশ্চয়কৈ প্ৰশংসনীয় ৷

Intro: মাজুলী আৰু নলবাৰী ৰাসক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত দাঙি ধৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হব ৰাস মহোৎসৱ। চুবুৰীয়া ৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে পৰ্যটন বিভাগে । পৰ্য্যটকৰ সুবিধাৰ বাবে আৰু আকৰ্ষণ কৰিবৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে পৰ্যটন বিভাগে। মাজুলীত পৰ্য্যটকৰ বিশেষ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তিনি স্থানত টেণ্টৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰৰ পৰা মাজুলীলৈ পোনপটীয়াকৈ বাছ সেৱাৰ ব্যৱস্থা কৰিছে। লগতে ৰসৰ বাবে পৰ্যটন বিভাগে বিশেষ পেকেজ ব্যৱস্থা কৰিছে ।

Body:গুৱাহাটীৰ পৰা মাজুলী থাকিব বিশেষ পেকেজ ব্যৱস্থা। 15 অক্টোবৰ পৰা অনলাইনত বুকিং কৰিব পাৰিব পৰ্যটক সকলে। নলবাৰীটো একেই পেকেজ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিলে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লই। মাজুলীত ৰাস হব 11 নৱেম্বৰ পৰা 15 লৈ আৰু নলবাৰীত 12 নৱেম্বৰ পৰা 24 নৱেম্বৰ লৈ অনুষ্ঠিত হব ৰাস।

Conclusion:লগতে এই সংবাদমেলত আন এক ঘোষণা কৰে অধ্যক্ষ গৰাকীয়ে। দক্ষিণ ভাৰতৰ পৰা 2 লাখ পৰ্যটক আহিব এইবাৰ অসমলৈ । পুস্কৰ মেলাৰ বাবে দাক্ষিণাত্যৰ পৰা ভক্ত আহিব পুস্কৰ মেলালৈ। 5 নৱেম্বৰ পৰা 16 নৱেম্বৰ লৈ চলিব পুস্কৰ মেলা । পৰ্য্যটন বিভাগে 2 লাখ পৰ্যটকৰ পৰা 200 কোটি টকাৰ বাণিজ্য কৰাৰ লক্ষ্য এইবাৰ পৰ্য্যটন বিভাগৰ। পৰ্যটন বিভাগে কেৱল মেলা নাপাতে মেলা পাতি 200 কোটি টকাৰ উপাৰ্জনৰ উদাহৰণ দাঙি ধৰিব পৰ্যটন বিভাগে কলে জয়ন্ত মল্লই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.