গুৱাহাটী, ৮ জুলাই : ভাৰত চৰকাৰে দেশৰ উঠি অহা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে যাতে নিজৰ দক্ষতা, যোগ্যতা, অভিজ্ঞতা অনুসৰি অৰ্দ্ধ সামৰিক কেন্দ্ৰীয় আৰক্ষী বাহিনী সমূহত যোগদান কৰি দেশমাতৃৰ সেৱা কৰিব পাৰে তাৰ বাবে বহু গৱেষণা, অধ্যয়নৰ যোগেদি কেইবাটাও পৰিক্ৰমাৰ অন্ততহে 'অগ্নিপথ' আঁচনি প্ৰস্তুত কৰা হৈছে (Agneepath scheme prepared after several stages of research and study) ।

এই অভিলাষী আঁচনিখনৰ পৰা অধিক লাভাম্বিত হ'ব দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ(NCC) কেডেটসকল । এই মন্তব্য এনচিচিৰ উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ(Additional Director General, North East Zonal Directorate, NCC, Major General Bhaskar Kalita) ।

শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত চলি থকা ৬০ আসাম এনচিচি গাৰ্লছ বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক সম্বোধন কৰি এনেদৰে কয় মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । কেডেটসকলক অগ্নিপথ আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ৷ আঁচনিখনৰ জৰিয়তে কেডেটসকল কিদৰে লাভাম্বিত হ'ব তাৰ ব্যাখ্যা দাঙি ধৰে মেজৰ জেনেৰেলগৰাকীয়ে ।
আনহাতে, পৰিদৰ্শনকালত কেডেটসকলৰ অভিবাদন গ্ৰহণ কৰি জেনেৰেল কলিতাই প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়(General Kalita received greetings of NCC cadets) । পৰিদৰ্শন কালত এনচিচিৰ গুৱাহাটী গ্রুপৰ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ ডীনাৰ দিঘে, ৬০ আসাম গাৰ্লছ এনচিচি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অনিল কুমাৰকে আদি কৰি কেইবাজনো সহযোগী এনচিচি বিষয়া, প্ৰশিক্ষক উপস্থিত থাকে ।

উল্লেখযোগ্য যে, ৩ জুলাইৰ পৰা চলি থকা বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ অহা ১২ জুলাইত সামৰণি পৰিব । ইতিমধ্যে এই শিবিৰত বিভিন্ন শিক্ষানুষ্ঠানৰ জুনিয়ৰ আৰু চিনিয়ৰ ডিভিজনৰ প্ৰায় ২৬০গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে । ইয়াৰ উপৰিও শিবিৰত কেডেটসকলক দৈনিক যোগ, পেৰেড, শাৰীৰিক অনুশীলন, ৰাইফল চালনা, অগ্নিকাণ্ডৰ ঘটনা প্ৰতিৰোধ, ব্যক্তিত্ব বিকাশ, ধ্যান আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ