গুৱাহাটী, 12 জানুৱাৰী: ১০ তাৰিখৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত ভাগ লৈছে ২৮ খন ৰাজ্য আৰু ৯ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈয়ে। ৰাজ্যৰ খেলুৱৈসকলে অশেষ কষ্টেৰে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে খেলত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মধ্য প্ৰদেশে।
উল্লেখ্য যে, মধ্য প্ৰদেশৰ খেলুৱৈসকলে বৰ্তমানলৈ ৫টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে। ইয়াৰে পল বল প্ৰতিযোগিতাত সন্দীপ কুমাৰ, ৩০০০ দৌৰ(১৭ অনুৰ্ধ) প্ৰতিযোগিতাত অৰ্জুন বাস্কলে, লং জাম্প (১৭ অনুৰ্ধৰ) সোহেল আখটাৰ, দিস্কাচ থ্ৰ' (২১ অনুৰ্ধৰ) ইক্ৰাম আলী খান আৰু (১৭ অনুৰ্ধৰ) জেভলিন থ্ৰ' প্ৰতিযোগিতাত বিবেক কুমাৰে লাভ কৰে সোণৰ পদক। ইফালে দিস্কাচ থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা ইক্ৰাম আলী খানে সাংবাদিকৰ আগত খেলো ইণ্ডিয়াত অংশগ্ৰহণৰ অভিজ্ঞতা সন্দৰ্ভত অৱগত কৰে । ভূপালত হ'বলগীয়া এক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ইক্ৰাম আলী খানে।
লগতে পঢ়ক: ই টিভি EXCLUSIVEঃ অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ