ETV Bharat / state

ড° হীৰেন গোহাঁইৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ‌ - Himanta Biswa Sarma

Lurinjyoti Gogoi : ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট বুদ্ধীজীৱী ড৹ হীৰেন গোহাঁইৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বেয়া সংস্কৃতিৰ আমদানি কৰা বুলি মন্তব্য কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷

Lurinjyoti Gogoi
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ‌
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:12 PM IST

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ‌

গুৱাহাটী, ১২ জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে । শুকুৰবাৰে মহানগৰীৰ জয়ানগৰস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘ মুখ্যমন্ত্ৰীয়ে অসমৰ এগৰাকী অতি শক্তিশালী ব্যক্তি, পণ্ডিত, শিক্ষাবিদ, স্বনামধন্য ড৹ হীৰেন গোহাঁই ছাৰক লৈ নিম্নৰুচিকৰ এক মন্তব্য প্ৰদান কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য অতিকৈ তৰল, নিম্নৰুচিৰ ৷’’ অসমৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটৰ কোনো লোকে আগতে এনে মন্তব্য কৰা নাছিল বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আমি ৰুচিপূৰ্ণ এটা ব্যৱস্থাৰ মাজত সকলো জীয়াই আছো । ড৹ হীৰেন গোহাঁই সন্দৰ্ভত মন্তব্য কৰি সমাজলৈ এক বেয়া সংস্কৃতি মুখ্যমন্ত্ৰীগৰাকীয়ে আমদানি কৰিবলৈ বিচাৰিছে ।’’

অসমীয়া সমাজৰ বাবে মুখ্যমন্ত্ৰীয়ে কোৱা এনে কথাবোৰ নতুন প্ৰজন্মই অনুকৰণ কৰিব বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতীয় সমাজ-সংস্কৃতি, অসমীয়া সমাজলৈ বেয়া সংস্কৃতি আনিব বিচৰাটো অতি বেয়া কথা । অসমৰ প্ৰতিগৰাকী মানুহে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ'ব লাগে । অসমৰ মুখ্যমন্ত্ৰীয়ে এটা বজৰুৱা সংস্কৃতি আমদানি কৰিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড৹ হীৰেন গোহাঁই সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ হীৰেন গোহাঁইৰ দৰে ‘ডুপ্লিকেট মাল’ আজিলৈ দেখাই নাই বুলি তীৰ্যক মন্তব্য আগবঢ়াছিল । আনহাতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে মন্তব্য কৰিছিল ৷

অসমত হ’বলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰাৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে এয়া ফেচিবাদৰ আৰম্ভণি । এনে চৰকাৰৰ দিনত প্ৰতিবাদ, গণতান্ত্ৰিক আন্দোলনৰ মূল্য নাই । সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোক চেপি শেষ কৰিবলৈ বিচাৰিছে এইখন চৰকাৰে । স্বৈৰাচাৰিক শাসন ব্যৱস্থাৰে এইখন চৰকাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰিছে বুলি সংবাদমেলত মন্তব্য প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: উচটনি দিয়া মানুহ ড৹ হীৰেন গোহাঁই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.