গুৱাহাটী, ২ মে': ৰাজ্যত বন্ধ হৈ থকা সুৰাৰ বিপনী সমূহ পুনৰ খুলি দিয়া হ'ব । সুৰাৰ বিপণীসমূহ পূৰ্বে ৪ মে'ৰ পৰা খোলাৰ কথা আছিল যদিও গ্ৰীণ জ'ন সমূহত শনিবাৰৰ পৰাই খোল খালে সুৰাৰ বিপণীসমূহ । বৰ্ধিত মূল্য নহয়, পূৰ্বৰ মূল্যতে বিক্ৰী কৰিব সুৰা ।

আনহাতে, বৰ্ধিত মূল্যৰ বাবে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে দিব নিৰ্দেশ । সামাজিক দূৰত্ব মানি চলি সুৰা ক্ৰয় কৰিব লাগিব গ্ৰাহক সকলে। অন্যথা গ্ৰাহক সকল শাস্তিৰ সন্মুখীন হ'ব বুলি সদৰী কৰে প্ৰশাসনে ।
