গুৱাহাটী,11 এপ্ৰিলঃ বন্ধন, উজ্জীৱন, আশা, এল এণ্ড টি, নাইটিংগেল, গ্ৰামীণ ছাহাৰা আদি কৰি প্ৰায় 50 টাৰো অধিক মাইক্ৰ’ফাইনেঞ্চ সংস্থা ঋণগ্ৰস্থ হৈ ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়িছে অসমৰ প্ৰায় 25 লাখতকৈ অধিক শিপিনী, উপায়ন্তৰ কৃষক, ক্ষুদ্ৰ উদ্যোগী আৰু ব্যৱসায়ী ৷ এওঁলোকৰ বাবে যেন আজি কৰ’ণা মহামাৰীতকৈও ভয়াবহ উচ্চহাৰৰ সূদৰ এই ঋণ । লক ডাউনৰ বাবে কৰ্মহীন হৈ পৰাৰ এই সময়ত ঋণৰ বোজাই তেওঁলোকক কঙাল কৰি অন্ধকাৰ ভৱিষ্যতৰ দিশ ঠেলি দিছে ।
তথ্য অনুসৰি অসমত প্ৰায় 3,50,000 কেবল মহিলাৰ আত্ম সহায়ক গোট আছে । ইয়াৰে 2,80,000 গোট ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পঞ্জীয়নভূক্ত ৷ একেদৰে ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানতো পঞ্জীয়নভূক্ত গোটৰ সংখ্যা প্ৰায় 50,000 । এই গোটসমূহৰ মহিলা শিপিনী, কৃষক তথা ক্ষুদ্ৰ আৰু পদপথ ব্যৱসায়ী সকলে মাইক্ৰ’ফাইনেঞ্চ সংস্থাৰ পৰা ঋণ লৈহে নিজৰ জীৱন-জীৱিকা চলাই আছে । এনে ঋণৰ সূদৰ হাৰ বছৰি 30 শতাংশ পৰ্যন্ত । গোট সমূহে উপাৰ্জন কৰি থকা সময়ত সপ্তাহটোৰ যিকোনো এটা বাৰত ঋণৰ কিস্তি পৰিশোধ কৰাতো বাধ্যতামূলক ৷ কিন্তু শেহতীয়া পৰিস্থিতিত কোনো ধৰণৰ উপাৰ্জনৰ পথ নথকাত অসমৰ প্ৰায় 25 লাখ নিম্ন আয়ৰ মহিলাই কিস্তিৰ ধন ওভোটাই দিয়াৰ সামৰ্থ হেৰুৱাইছে ৷ এই সন্দৰ্ভত চৰকাৰী আৰু বিদ্যায়তনিক মহলত বিশষভাৱে চৰ্চা আৰম্ভ হৈছে ।
বিষয়টো সন্দৰ্ভত নিজৰ দৃষ্টিভংগী আগবঢ়ায় ৰাজ্যৰ এগৰাকী বিশিষ্ট অৰ্থনীতি সমালোচক, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক ডঃ অমিয় কুমাৰ শৰ্মাই ইটিভিক কয় যে, ক্ষুদ্ৰ ঋণৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু চৰকাৰে যদি এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ’লে পৰিস্থিতিৰ অৱনতি ঘটিব ৷ উল্লেখ্য যে, ইনভেষ্টমেণ্ট ইনফৰমেশ্যন এণ্ড ক্ৰেডিট ৰেটিং এজেঞ্চী অব ইণ্ডিয়া ৰ বিগত জানুৱাৰী মাহৰ তথ্য অনুসৰি অসমত মাইক্ৰ’ফাইনেঞ্চ সংস্থাৰ দ্বাৰা আগবঢ়োৱা ঋণৰ পৰিমাণ 12,600 কোটি টকা ৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এনে ঋণগ্ৰস্থ সকলে তিনিমাহ অৰ্থাৎ অহা মে’ মাহ পৰ্যন্ত সাপ্তাহিক কিস্তিৰ ধন ওভোটাই নিদিয়াকৈ থাকিব পাৰিব ৷ কিন্তু জুন মাহৰ পৰা পৰিশোধ কৰিবলগীয়া কিস্তিত বিগত তিনিমাহৰ সুদ সাঙুৰি লোৱা হ’ব ৷
এই ক্ষেত্ৰত নিজৰ দৃষ্টিভংগী আগবঢ়াই ৰাজ্যৰ আন এগৰাকী অন্যতম অৰ্থনীতি বিশ্লেষক অমিয় কুমাৰ দাস ইনষ্টিটিউট অব ছ’চিয়েল চেঞ্জ এণ্ড ডেভলপমেণ্টৰ সহযোগী অধ্যাপক ডঃ জয়দ্বীপ বৰুৱাই কয় যে এই জটিল পৰিস্থিতিত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সাধাৰণ কৃষক, শ্ৰমিক, শিপিনীক ৰেহাই দিয়াৰ বাদে গত্যন্তৰ নাই ৷ এইক্ষেত্ৰত চৰকাৰে ৰাজসাহায্যৰ ব্যৱস্থা কৰিব পাৰে বুলি তেওঁ আঙুলিয়াই দিয়ে । একেদৰে, অসমত মাইক্ৰ’ফাইনেঞ্চ অভিযানৰ এগৰাকী বিশিষ্ট সমাজ উদ্যোগী, ছয়গাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰামীণ ছাহাৰাৰ সঞ্চালক শৰৎ দাসৰ মতেও লক ডাউন খোলাৰ ঋণৰ কিস্তি ঘূৰাই দিয়াৰ ক্ষেত্ৰত ভয়াবহ সমস্যাৰ সৃষ্টি হ'ব ।
গতিকে চৰকাৰ বা অন্যান্য বিত্তীয় সংস্থা সমূহ জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আগবাঢ়ি আহিব লাগিব ৷ মন কৰিবলগীয়া যে, কেবল অসমৰ ক্ষেত্ৰতে নহয় এনে ঋণৰ বোজাই সমগ্ৰ দেশৰে আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনত অতি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰাটো নিশ্চিত হৈ পৰিছে ৷ মাইক্ৰ’ফাইনেঞ্চ ইনষ্টিটিউট নেটৱৰ্ক (এম এফ আই এন) নামৰ সংস্থাটোৰ মতে ভাৰতত বৰ্তমান 5.6 কোটি ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰী আছে আৰু তেওঁলাক লক ডাউনৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ।
লগতে চাওকঃ কোভিড-19 ৰোগীৰ ওচৰলৈ মনোবিজ্ঞানীৰ দল