গুৱাহাটী, ৯ এপ্ৰিলঃ শুকুৰবাৰৰ পৰা গুৱাহাটীত উপলব্ধ হ'ব মাছ । তিনিটাকৈ স্থানত পাইকাৰী মাছ বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি উজানবজাৰ, পাণ্ডু, ভেটাপাৰাত বিক্ৰী হ'ব পাইকাৰী মাছ ।
প্ৰশাসনৰ অনুমতিৰ ভিত্তিতে ,ব্যৱসায়ীয়ে পুৱা ৭ বজাৰ পৰা এই মাছ ক্ৰয় কৰি গুৱাহাটীবাসীৰ ঘৰে ঘৰে যোগান ধৰিব । ইফালে মাছত যাতে অত্যাধিক মূল্য ল'ব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে ভিন্ন মাছৰ মূল্য।