ETV Bharat / state

বিভাগে উদ্ধাৰ কৰিলে কুঁৱাত আবদ্ধ নাহৰফুটুকী - forest department

গুৱাহাটীৰ গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও মাধৱ নগৰৰ কুঁৱাত পৰি আবদ্ধ হৈ পৰিছিল এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী ৷ বৃহস্পতিবাৰে বনকৰ্মীৰ কেইবাঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় বাঘটো । পাছত বনাঞ্চলত এৰি দিয়া হয় ৷

leopard
কুঁৱাৰ পৰা বন বিভাগে উদ্ধাৰ কৰিলে নাহৰফুটুকী বাঘ
author img

By

Published : Jul 2, 2021, 4:00 PM IST

গুৱাহাটী, 2 জুলাই : গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও মাধৱ নগৰৰ এটা কুঁৱাত আবদ্ধ এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বৃহস্পতিবাৰে বনকৰ্মীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নাহৰফুটুকীটো পুৱতি নিশা মাধৱ নগৰৰ ২০ ফুট গভীৰতাৰ এটা মুকলি কুঁৱাত পৰি আৱদ্ধ হৈ পৰে । বাঘটোৱে কুঁৱাৰ পৰা উঠিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ।

leopard
কুঁৱাৰ পৰা বন বিভাগে উদ্ধাৰ কৰিলে নাহৰফুটুকী বাঘ

গাঁওখনৰ বাসিন্দাসকলে কুঁৱাটোৰ ভিতৰৰ পৰা বাঘৰ গৰ্জন শুনিবলৈ পাই আচৰিত হৈ পৰে । তেওঁলোকে কুঁৱাটোত প্ৰত্যক্ষ কৰে যে এটা নাহৰফুটুকী কঁকাললৈ পানীত সোমাই প্ৰাণ বচোৱাৰ চেষ্টাত ভাগৰি পৰিছে । গাঁৱবাসীয়ে লগে লগে বনবিভাগক ঘটনাটো অৱগত কৰে ।

বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘন্টা ধৰি চেষ্টা চলাই নাহৰফুটুকীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাছত নাহৰফুটুকীটোক এখন জালেৰে বান্ধি গভীৰ বনৰ মাজলৈ নি মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.