গুৱাহাটী, 12 জানুৱাৰীঃ মহানগৰীৰ মালিগাঁও মাধৱদেৱ নগৰ দাল বস্তিত নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱ আহত হয় এগৰাকী লোক । আঘাতপ্ৰাপ্ত লোকজনৰ নাম কুমাৰ ছেত্ৰী বুলি জানিব পৰা গৈছে ৷
শনিবাৰে পুৱাৰ ভাগত ঘৰৰ সমীপত খৰি কাটি থাকোতে আক্ৰমণ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে । ফলত মুখমণ্ডলত যথেষ্ট পৰিমাণে আঘাতৰ সন্মুখীন হয় লোকজন । দিন দুপৰতে নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনাক লৈ এতিয়া আতংকিত অঞ্চলবাসী । একাংশ লোকে বনাঞ্চল ধ্বংস কৰাৰ ফলতেই সঘনাই সংঘটিত হৈছে এনেধৰনৰ ঘটনা । খাদ্য আৰু আশ্ৰয় বিচাৰি জনাঞ্চলে জনাঞ্চলে ঘূৰি ফুৰিছে বিভিন্ন জীৱ জন্তু ।