গুৱাহাটী, 24 অক্টোবৰ : অসম ভাৰতৰ বাবে দক্ষিণ-পূৱ এছিয়া তথা এছিয়ান দেশসমূহৰ দুৱাৰমুখ স্বৰূপ । অসমৰ ভৌগোলিক অৱস্থিতিৰ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আছে । এই মন্তব্য দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ । শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰক্ষীয়ে আয়োজন কৰা প্ৰথম ৰবিকান্ত সিং সোঁৱৰণী বক্তৃতাৰ মূল বক্তৃতা প্ৰদান কৰে জেনেৰেল ৰাৱটে ৷
![Lecture by Chief of Defense Staff General Bipin Rawat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-lecture-by-chief-of-defense-staff-general-bipin-rawat-7209925_23102021224428_2310f_1635009268_260.jpg)
‘আছাম এট ক্ৰছৰডছঃ জিঅ' পলিটিকেল ইভেণ্টছ ইন ইটছ নেইবাৰহুড ইমপেক্টিং নর্থ ইষ্ট ইণ্ডিয়া’ শীর্ষক বক্তৃতাৰ আৰম্ভণিতে জেনেৰেল ৰাৱটে ৰবিকান্ত সিঙলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে, ‘সিঙৰ দৰে বীৰ সন্তানসকলে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰাণ বিসর্জন দিছে । তেওঁলোকৰ এই ত্যাগ আমি পাহৰিব নালাগে’ । ভাষণ প্ৰসংগত জেনেৰেল ৰাৱটে কয় যে, এছিয়া ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্ৰধান কেন্দ্ৰ হৈ পৰিব । এই প্ৰসংগত তেওঁ ভাৰত, চীন, জাপানৰ দৰে এছীয় শক্তিসমূহৰ দ্ৰুত উত্থানৰ কথা উল্লেখ কৰে ।
ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বাবে গ্ৰহণ কৰা ‘সাগৰ' আৰু ‘এক্ট ইষ্ট পলিচী’ৰ দৰে নীতিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, অসমৰ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আছে ।
![Lecture by Chief of Defense Staff General Bipin Rawat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-lecture-by-chief-of-defense-staff-general-bipin-rawat-7209925_23102021224428_2310f_1635009268_752.jpg)
এছিয়ান তথা পূৱ আৰু দক্ষিণ-পূৱ এছীয় দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পথৰ দুৱাৰমুখেই হৈছে অসম । জেনেৰেল ৰাৱটে তেওঁৰ বক্তৃতাত ভাৰতৰ সৈতে বাংলাদেশ, ভূটান আৰু নেপালৰ সু-সম্পর্কৰ বিভিন্ন দিশৰ ওপৰতো আলোকপাত কৰে । তেওঁ অঞ্চলটোৰ প্ৰাকৃতিক সম্পদৰাজি আৰু বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনত ইয়াৰ ভূমিকাৰ কথাও উল্লেখ কৰে ।
লগতে পঢ়ক : শাল বাগান ৰক্ষা কৰিবৰ বাবে ৰাইজে ক’লে: আমাক নাকাটিবা
চীনে ম্যানমাৰত খোপনি পোতা, পাকিস্তানক সহায় কৰা, এক অঞ্চল এক পথ আঁচনি আদিৰ প্ৰসংগই তেওঁৰ ভাষণত স্থান পায় । পাকিস্তানৰ সন্ত্ৰাসবাদী কার্য-কলাপ, চীনৰ গতিবিধি আৰু আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতো ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি জেনেৰেল ৰাৱটে তেওঁৰ ভাষণত উল্লেখ কৰে । জেনেৰেল বিপিন ৰাৱটে তেওঁৰ ভাষণত অসমৰ মানুহ, প্ৰকৃতি আৰু অসমীয়া সংস্কৃতিৰ উচ্চ প্ৰশংসা কৰে ।
মা কামাখ্যাৰ আৰ্শীবাদেৰে ধন্য ৰাজ্যখনৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি তেওঁ আহোমৰ ছশ বছৰীয়া শাসনৰ গৰিমাৰ কথা উল্লেখ কৰে । শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগত তেওঁ অসমৰ মানুহৰ বীৰত্ব, ৰণনীতি আৰু কূটনীতিৰ উচ্চ প্ৰশংসা কৰে । তেওঁ কয় যে, আধুনিক বিশ্বত উন্নয়নৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা অপৰিহাৰ্য । তেওঁ এই প্ৰসংগত ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিদেশীয় ৰাজপথৰ কথা উল্লেখ কৰে ।
![Lecture by Chief of Defense Staff General Bipin Rawat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-lecture-by-chief-of-defense-staff-general-bipin-rawat-7209925_23102021224428_2310f_1635009268_793.jpg)
জেনেৰেল ৰাৱটে কয় যে, এনে যোগাযোগৰ ক্ষেত্ৰত অসমৰ ভৌগোলিক স্থিতিৰ সুকীয়া গুৰুত্ব আছে । অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলপথেৰে বাংলাদেশৰ বন্দৰৰ যোগাযোগে বহন কৰা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি জেনেৰেল ৰাৱটে কয় যে, এনে উন্নত যোগাযোগৰ পৰা ভূটান, নেপালৰ দৰে চুবুৰীয়া দেশসমূহ লাভান্বিত হ’ব ।
অসমৰ শিক্ষিত মানৱ সম্পদৰ প্ৰশংসা কৰি তেওঁ কয় যে, বর্তমান সময়ৰ চাহিদাৰ সৈতে খাপ খোৱাকৈ দক্ষতা সম্পন্ন মানৱ সম্পদৰ বিকাশ ঘটালে ৰাজ্যখনৰ লগতে দেশে লাভান্বিত হ’ব । অসমৰ নৱ প্ৰজন্মৰ প্ৰতিভা প্ৰসংগত তেওঁ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ সফলতাৰ কথা উল্লেখ কৰে । অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । বৰুৱাই তেওঁৰ ভাষণত চীন, ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে ।
লগতে পঢ়ক : আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?
চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ অসম ভ্ৰমণ আৰু পৰিব্ৰাজকগৰাকীয়ে এই ভ্ৰমণকালত অসমৰ সৈতে চীনৰ পুৰণি সম্পৰ্কৰ সমল বিচাৰি পোৱাৰ কথাও তেওঁ উল্লেখ কৰে । ভাষণ প্ৰসংগত মুখ্য সচিবগৰাকীয়ে বৃটিছৰ শাসনকালত চীনৰ সৈতে পথ যোগাযোগৰ বাবে চলা অভিযান, চীনৰ আন্তঃআঞ্চলিক আৰ্থিক বৈষম্য, ম্যানমাৰত চীনৰ প্ৰভাৱ বৃদ্ধি আৰু এইক্ষেত্ৰত ভাৰতৰ কৰণীয় আদিৰ বিষয়ে কয় । অনুষ্ঠানত বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ভাৰত আৰু বাংলাদেশৰ সু-সম্পর্কৰ পৰা দেশ দুখনৰ হ’ব পৰা লাভ আৰু এই সম্পর্কই বহন কৰা সম্ভাৱনীয়তাৰ ব্যাখ্যা আগবঢ়ায় ।
![Lecture by Chief of Defense Staff General Bipin Rawat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-lecture-by-chief-of-defense-staff-general-bipin-rawat-7209925_23102021224428_2310f_1635009268_894.jpg)
দোৰাইস্বামীয়ে ভাষণত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে, বাংলাদেশক তিনিফালৰ পৰা ভাৰতে আগুৰি আছে । স্বাধীনতাৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বর্তমান বাংলাদেশৰ সু-যোগাযোগ ব্যৱস্থা আছিল । দেশ বিভাজনৰ ফলত এই যোগাযোগ ব্যাহত হোৱা আৰু বাংলাদেশৰ সৈতে উন্নত যোগাযোগে বহন কৰা সম্ভাৱনীয়তাৰ প্ৰসংগই তেওঁৰ বক্তৃতাত স্থান লাভ কৰে ।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । অনুষ্ঠানত জেনেৰেল বিপিন ৰাৱট, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ৰবিকান্ত সিঙৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে ।
উল্লেখ্য যে, ১৯৮৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰবিকান্ত সিঙে ১৯৯৬ চনত তিনিচুকীয়াত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল । অনুষ্ঠানত প্ৰয়াত ৰবিকান্ত সিঙৰ জীয়ৰী নুপুৰ সিং উপস্থিত আছিল ।
লগতে পঢ়ক : ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে পৰেশ বৰুৱাই