ETV Bharat / state

NAMRUP BVFCL: ৰাজ্যপালক সাক্ষাৎ ১২ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ

author img

By

Published : Jul 27, 2023, 6:55 PM IST

নামৰূপৰ সাৰ কাৰখানাৰ সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ ৰাজ্যৰ বাৰটা বিৰোধী উমৈহতীয়া দলৰ । নামৰূপ সাৰ কাৰখানা যাতে কোনো কাৰণত বন্ধ নহয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ ১২ বিৰোধীৰ ।

NAMRUP BVFCL
নামৰূপস্থিত বিভিএফচিএল বন্ধ হোৱাৰ বিৰোধিতা

সাৰ কাৰখানা বন্ধৰ বিৰোধিতা

গুৱাহাটী, 27 জুলাই : নামৰূপৰ সাৰ কাৰখানাক লৈ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই দিয়া লিখিত উত্তৰৰ তথ্যৰ পিচতেই এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । নামৰূপ সাৰ কাৰখানা যাতে কোনো কাৰণত বন্ধ নহয় সেই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ বাৰটা বিৰোধী উমৈহতীয়া দলৰ নেতৃত্বই ৰাজ্যপালক সাক্ষাৎ কৰে । এক আলোচনাত মিলিত হোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ বাৰটা বিৰোধী উমৈহতীয়া দলৰ নেতৃত্বই ।

NAMRUP BVFCL
ৰাজ্যপালক সাক্ষাৎ

নামৰূপস্থিত বিভিএফচিএল বন্ধ হোৱাৰ বিৰোধিতা কৰাৰ লগতেই বিভিএফচিএলৰ প্ৰস্তাৱিত চতুৰ্থ ইউনিট (নামৰূপ চতুৰ্থ) আৰম্ভ কৰিবলৈ অনুৰোধ জনাই ৰাজ্যপালক পত্ৰ প্ৰেৰণ কৰে বিৰোধী মঞ্চৰ নেতৃত্বই । ৰাজ্যপালক সাক্ষাৎ কৰি আহি সংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰি কয়-‘চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ বন্ধ ব্যক্তিগতখণ্ডৰ হাতত গোটাই দিব বিচাৰিছে । এইয়া কোনো পধ্যে মানি লোৱা নহ’ব’ ।

NAMRUP BVFCL
ৰাজ্যপালক সাক্ষাৎ

‘এটা সাৰাখানাৰ কাৰ্যকাল থাকে ১৫ৰ পৰা ২০ বছৰ । তেনেস্থলত ৩৫ বছৰ হৈ যোৱা নামৰূপ সাৰাখানাৰ আধুনিকীকৰণ কৰাটো কেতিয়াও সম্ভৱ নহয় । সেয়েহে বহুদিনৰ পৰা আমি নামৰূপ সাৰাখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবী জনাই আহিছো । চলি থকা তৃতীয় গোটৰ ইতিমধ্যে কাৰ্যক্ষমতা কমি গৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ পিচত কেবিনেটত লোৱা ১০০ দিনীয়া এজেণ্ডাৰ ভিতৰত নামৰূপৰ সাৰাখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু ইয়াৰ পিচতো চৰকাৰে আজি পৰ্যন্ত চতুৰ্থ গোট নিৰ্মাণ নকৰিলে । তাৰ বিপৰীতে তেওঁলোকে বন্ধৰ হে সিদ্ধান্ত গ্ৰহণ কৰিছে’, লুৰীণজ্যোতি গগৈয়ে লগতে এই মন্তব্য দিয়ে ।

NAMRUP BVFCL
ৰাজ্যপালক সাক্ষাৎ

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ অৱগত কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় সাৰ মন্ত্ৰীক বিষয়টো পুংখানুপুংখভাৱে অৱগত কৰিবলৈ অনুৰোধ জনায় বিৰোধী দলকেইটাই ।

লগতে পঢ়ক : NAMRUP BVFCL : নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট গঠনৰ দাবী অগপৰ; প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.