ETV Bharat / state

পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ

author img

By

Published : May 27, 2022, 10:12 PM IST

অসম চৰকাৰে চীনৰ পৰা অনা পি পি ই কিটৰ প্ৰসংগক লৈ সৰৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ তেওঁ এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে, যাতে সকলো কথা স্পষ্ট হয় ।

পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ
পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ

গুৱাহাটী, ২৭ মে': ক'ভিডৰ সময়ত অসম চৰকাৰে চীনৰ পৰা অনা পি পি ই কিটৰ প্ৰসংগক লৈ প্ৰদেশ কংগ্ৰেছৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

ক'ৰণা মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা চীন দেশৰ পৰা অসমে ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৫০ হাজাৰ বিশেষ পি পি ই কীট আমদানি কৰি আনিছে বুলি প্ৰচাৰ চলাইছিল তেতিয়াৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই ।

ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিম্নমানৰ পি পি ই কিট অনাক লৈ বিতৰ্কৰো সূত্ৰপাত হৈছিল । এই সন্দৰ্ভত তেওঁ সেই সময়ত অভিযোগো দিছিল বুলি উল্লেখ কৰে । শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ প্ৰসংগৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে সেইসময়ত চীনৰ পৰা কোনো ধৰণৰ পি পি ই কিট ক্ৰয় কৰা নাছিল আৰু কাকো এটকাও আদায় দিয়া নাই ।

সেই সময়ত কোৱা হৈছিল যে ১৫ কোটি টকা ব্যয় কৰি অসমৰ স্বাৰ্থ পি পি ই কিটখিনি অনা হৈছিল । এই সমস্ত ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ কয় যে ঘটনাৰ সত্যতা পোহৰলৈ অহা উচিত । পি পি ই কিটৰ সমস্ত বিষয় স্পষ্ট হ'ব লাগে । তেওঁ এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে, যাতে সকলো কথা স্পষ্ট হয় ।

লগতে পঢ়ক: চীনৰ পৰা 50 হাজাৰ PPE কীট কিনা নাছিল চৰকাৰে: কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.