ETV Bharat / state

Debabrata Saikia: ১০০ খন কেবিনেটৰ সিদ্ধান্তক লৈ শ্বেতপত্ৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:58 PM IST

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০ খন কেবিনেটৰ সিদ্ধান্তসমূহৰ সবিশেষ ব্যাখ্যাসহ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে বিতং তথ্য জনাবলৈ মুখ্য সচিবলৈ শইকীয়াৰ পত্ৰ প্ৰেৰণ ৷ তথ্য দিবলৈ অস্বীকাৰ চৰকাৰৰ । গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিবে পত্ৰযোগে জনালে কেবিনেটৰ সিদ্ধান্তসমূহৰ সবিশেষ ৰাজহুৱা কৰাত বাধাৰ অজুহাত ৷

Debabrata Saikia
Debabrata Saikia
১০০ খন কেবিনেটৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ প্ৰশ্ন

গুৱাহাটী, ২৯ আগষ্ট: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অলপতে ১০০ সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত কৰি দাবী কৰিছিল ৭৬ শতাংশ সিধান্তই কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে । কিন্তু তাৰ বিপৰীতে সিদ্ধান্তসমূহক লৈ আঙুলি টোঁৱাইছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷

প্ৰতি সপ্তাহে কেবিনেট বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ ৰাইজক আভুৱা ভাৰি আহিছে । এক সংবাদমেলযোগে আজি এই অভিযোগ উত্থাপন কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । কেবিনেটৰ সিধান্তসমূহক লৈ মুখ্যমন্ত্ৰীৰ পৰা শ্বেতপত্ৰ দাবী কংগ্ৰেছ জ্যেষ্ঠ নেতাজনৰ ।

অসমৰ ৰাইজক বিভিন্ন ভুৱা প্ৰতিশ্ৰুতি দি ক্ষমতা হস্তগত কৰা বিজেপি চৰকাৰৰ প্ৰতিখন কেবিনেটেই অসমৰ ৰাইজৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰে বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে । তেওঁ কয় যে অসম চৰকাৰে বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত কৰাৰ উপৰিও দিছপুৰত সঘনাই অনুষ্ঠিত কৰা কেবিনেটসমূহে লোৱা সিদ্ধান্তসমূহৰ বিষয়ে বিতং তথ্য জনাবলৈ যোৱা ৮ ডিচেম্বৰ, ২০২২ তাৰিখে অসম চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও সেয়া দিবলৈ অস্বীকাৰ কৰে ।

উক্ত পত্ৰৰ প্ৰত্যুত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মাই যোৱা ৩ মাৰ্চত এক পত্ৰযোগে কেবিনেটৰ সিদ্ধান্তসমূহৰ সবিশেষ ৰাজহুৱা কৰাত বাধা আছে বুলি জনোৱাৰ কথাও সদৰী কৰে বিৰোধী দলপতি শইকীয়াই ।

‘‘ইয়াৰ পিছত মই মহাৰাষ্ট্ৰৰ আৰটিআই কমিছনাৰৰ উদ্ধৃতি দি কেবিনেটৰ সিদ্ধান্তসমূহ পুনৰ বিচাৰো যদিও তাৰ উত্তৰ আজিলৈকো নাপালো । এতিয়া ১০০ খন কেবিনেট হোৱাৰ পিছ মুহূৰ্তত কেবিনেটৰ সিদ্ধান্তসমূহ আগবঢ়াইছে । এই কেবিনেটৰ শেহতীয়া কেইটামান সিদ্ধান্তই আমাৰ সন্দেহ সত্য বুলি প্ৰমাণিত কৰিছে ৷’’ নিজৰ লাভৰ বাবে NRI কোটাত ধনৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীক মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ দিয়াৰ ব্যৱস্থা কৰা কেবিনেট সিদ্ধান্তৰ কথা উল্লেখ কৰি এইদৰে কয় বিৰোধীৰ দলপতি শইকীয়াই ।

বিৰোধী দলপতিগৰাকীয়ে কয় যে নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজা চৰকাৰখনে অৱশেষত আদালতৰ নিৰ্দেশৰ পিছত এনআৰই প্ৰাৰ্থী সন্দৰ্ভত লোৱা কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰে । ঠিক তেনেধৰণে কেবিনেটত চাহ বাগিচাৰ মাটিৰ মূল্য এহাতে কমাই দি অধিগ্ৰহণ হ’লে সেই মাটিৰ মূল্য চহৰৰ মাটিৰ সমান কৰি ৰাজ্যখনক এক ভয়ানক দিশলৈ ঠেলি দিয়াৰ চক্ৰান্ত কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু আন মন্ত্ৰী পৰিষদৰ সদস্যসকলে নিজৰ অঙহী-বঙহীৰ নামত কম দামত মাটি ক্ৰয় কৰিবলৈকে এনেদৰে চাহ বাগিচাৰ মাটিৰ মূল্য হ্ৰাসৰ কেবিনেট সিদ্ধান্ত লোৱা বুলিও তেওঁ অভিযোগ কৰে । এনে পৰিপ্ৰেক্ষিতত যোৱা ১০০ খন কেবিনেটত লোৱা এইধৰণৰ সিদ্ধান্তসমূহ কি কাৰণত আৰু কিয় ল’বলগীয়া হ’ল তাৰ সবিশেষ ব্যাখ্যাসহ অসম বিধানসভাৰ আগন্তুক অধিৱেশনত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈকো বিৰোধী দলপতিয়ে চৰকাৰক দাবী জনায় ।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতি হোমিঅ’পেথিক চিকিৎসালয়সমূহ তথা আয়ুৰ্বেদিক কলেজৰ প্ৰতি সুদৃষ্টি দিয়া সিদ্ধান্ত কেবিনেটত আজিলৈ কিয় লোৱা হোৱা নাই তাৰ উত্তৰো অসমৰ ৰাইজক দিবলৈ আহ্বান জনায় শইকীয়াই । একেদৰে দেশত আয়ুৰ্বেদ, যোগ তথা য়ুনানি চিকিৎসাৰ প্ৰতি ব্যাপক সজাগতা কৰা সময়ত অসম আয়ুৰ্বেদিক প্ৰডাক্ট পুনৰজীৱিত কৰিবলৈ কিয় অসম চৰকাৰে কেবিনেট সিদ্ধান্ত লোৱা নাই বুলিও প্ৰশ্ন কৰে শইকীয়াই ।

অনুৰূপ ধৰণে অসমৰ বিভিন্ন চিকিৎসালয়ত অনিয়মীয়া চাকৰিত কৰ্মৰত ৫ সহস্ৰাধিক ড্ৰাইভাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন, ছাফাই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ কিয় কেবিনেট সিদ্ধান্ত আজিলৈকে কৰা নাই বুলিও বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰে । লগতে দুৰৱস্থাৰ সন্মুখীন হোৱা চাহ উদ্যোগক ৰক্ষা কৰিবলৈ অসম চৰকাৰৰ কেবিনেটত কি সিদ্ধান্ত লোৱা হৈছে সেয়া ৰাজহুৱা কৰিবলৈকো চৰকাৰক আজি সংবাদমেলত দাবী জনাই বিৰোধী দলপতিগৰাকীয়ে ।

লগতে পঢ়ক: Assam Cash for Job scam: বাজপেয়ী ভৱন এতিয়া চাকৰিৰ বজাৰ ভৱন; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.