গুৱাহাটী, ২৭ নৱেম্বৰ: পুনৰ চৰ্চালৈ আহিছে নাগৰিকত্ব সংশোধিত আইন চমুকৈ ‘কা’ । পুনৰ ‘কা’ৰ বিৰুদ্ধে অসমত আন্দোলনৰ হুংকাৰ আৰম্ভ হৈছে । ২০২৪ ত দেশত ‘কা’ বলৱৎ কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই শেহতীয়াকৈ কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
শইকীয়াই কয় যে নাগৰিকত্ব সংশোধিত আইন চমুকৈ ‘কা’ৰ দৰে জাতিধ্বংসী আইন অসমত কাৰ্যকৰী কৰিব নালাগে বুলি উচ্চতম ন্যায়ালয়ত কংগ্ৰেছ দলে গোচৰ দি থৈছে । ‘‘অসমত নাগৰিকত্ব আইন বলৱৎ কৰিব নালাগে বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ দিছিলোঁ । কিন্তু মোদীয়ে এইবোৰত গুৰুত্ব নিদিয়ে ।’’ এইদৰে ক্ষোভ প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷
তেওঁ কয় যে ক্ষমতা আৰু সংখ্যাৰে বলিয়ান হৈ কেন্দ্ৰীয় চৰকাৰে উচ্চ সদনত আইন গৃহীত কৰি আমাৰ ৰাজ্যত বলপূৰ্বকভাৱে জাতিধবংসী ক’লা আইনখন বলৱৎ কৰিব খুজিছে । সাম্প্ৰদায়িক ‘কা’ আইনে অসমৰ ভাষা, সভ্যতা সংস্কৃতি তথা ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অসমীয়া জাতিটোক নিঃশেষ কৰি পেলোৱাৰ বাবে চৰকাৰে এই ষড়যন্ত্ৰত লিপ্ত হৈছে ।
তেওঁ লগতে কয়, ‘‘আছুৱে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰা উচিত । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ‘কা’ নামানো বুলি কৈয়ে থাকে । গতিকে মই ভাবো আছুৱেও ইয়াৰ বিৰুদ্ধে নিশ্চয় আন্দোলন কৰিব । আকৌ কংগ্ৰেছ দলেও ’কা’ ৰ বিৰুদ্ধে আন্দোলন কৰিব ।’’ তেওঁ আৰু কয় যে কংগ্ৰেছ দল অসম চুক্তিৰ প্ৰতি দায়বদ্ধ । অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে গুৰুত্ব দি আছে ।
ইফালে অসম জাতীয় পৰিষদৰ সভাপতি তথা ‘কা‘ প্ৰণয়নৰ সময়ত সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক ৰূপে আন্দোলনৰ নেতৃত্ব দিয়া লুৰীণজ্যোতি গগৈয়েও কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কোনো কাৰণতে অসমত ‘কা’ বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি গগৈয়ে কয় যে যদি প্ৰধানমন্ত্ৰীৰ বিদেশী নাগৰিকৰ প্ৰতি ইমানেই দৰদ তেন্তে তেওঁলোকক গুজৰাটত সংস্থাপন দিয়ক ৷ কিন্তু অসমে বিদেশীৰ বোজা গ্ৰহণ নকৰে ৷
লগতে পঢ়ক: কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীয়ে ‘কা’ কৰোঁতেই আন্দোলনৰ হুংকাৰ লুৰীণজ্যোতিৰ