ETV Bharat / state

কেন্দ্ৰীয় কাৰাগাৰত গ্ৰন্থাগাৰ স্থাপন ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয় কৰ্তৃপক্ষৰ

author img

By

Published : Nov 15, 2019, 3:26 AM IST

কাৰাগাৰৰ কয়দীসকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰা আৰু গ্ৰন্থ অধ্যয়নৰ এক ইতিবাচক পৰিবেশ গঢ়ি তোলাৰ বাবে মহাবিদ্যালয়খনে গ্ৰহণ কৰিলে ব্যতিক্ৰমী পদক্ষেপ ৷ ডিচেম্বৰ মাহত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

কেন্দ্ৰীয় কাৰাগাৰত স্থাপন কৰা হ'ল গ্ৰন্থাগাৰ

গুৱাহীটী , 14 নৱেম্বৰঃ মহানগৰীৰ মালিগাঁওস্থিত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ ৷ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত মহাবিদ্যালয় কৰ্তৃপক্ষই স্থাপন কৰিলে পুথিভঁৰাল ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ এদিচন আলী, বিদ্যাধৰ শইকীয়া আৰু ৰঞ্জিত বৈশ্যকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় মহাবিদ্যালয়ৰ পুথিভঁৰালটোৰ এই সম্প্ৰসাৰণ কেন্দ্ৰটো ৷

কাৰাগাৰৰ কয়দীসকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰা আৰু গ্ৰন্থ অধ্যয়নৰ এক ইতিবাচক পৰিবেশ গঢ়ি তোলাৰ বাবে মহাবিদ্যালয়খনে গ্ৰহণ কৰিলে এই পদক্ষেপ ৷ মহাবিদ্যালয়ৰ ফালৰ পৰা বহু কেইটা ভাষাত বহু কেইখন কিতাপ যোগান ধৰাৰ লগতে অহা ডিচেম্বৰ মাহত এই কেন্দ্ৰীয় কাৰাগাৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক বিভাগৰ চিকিৎসকসকলৰ সৈতে মিলিত হৈ এখনি স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ এদিচন আলী ৷

লগতে পঢ়কঃ কাৰ্বি আংলঙত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত শিশু দিৱস উদযাপন

Intro:মহানগৰীৰ মালিগাঁওস্থিত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ। লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰত বিদ্যালয় কৰ্তৃপক্ষই স্থাপন কৰিলে পুথিভঁৰাল। ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ফালৰ পৰা এই গ্ৰন্থগাৰৰ সপ্ৰসাৰণ কেন্দ্ৰটো বৃহস্পতিবাৰে উন্মোচন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ এদিচন আলী, বিদ্যাধৰ শইকীয়া আৰু ৰঞ্জিত বৈশ্যকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সম্প্ৰসাৰণ কেন্দ্ৰটো উন্মোচন কৰা হয়। কাৰাগাৰত গ্ৰন্থ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰা আৰু গ্ৰন্থ পঢ়াৰ প্ৰতি এক ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে মহাবিদ্যালয়খনৰ এই পদক্ষেপ। ইফালে মহাবিদ্যালয়খনৰ পৰা বহু কেইটা ভাষাত বহু কেইখন কিতাপ যোগান ধৰা বুলিও জানিব দিয়ে অধ্যক্ষ ডঃ এডিচন আলীয়ে। তাৰোপৰি অহা ডিচেম্বৰ মাহত মাহত এই কেন্দ্ৰীয় কাৰাগাৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক বিভাগৰ চিকিৎসকসকলৰ সৈতে মিলিত হৈ এখনি স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হ'ব বুলি জনাই অধ্যক্ষ ডঃ আলীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.